নেপালৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী ৰবি লামিচানৰ জামিন, ৬৫ লাখ টকাৰ জামিন বণ্ডত মুক্তিৰ নিৰ্দেশ
কাঠমাণ্ডু, ০৯ জানুৱাৰী (হি.স.)। প্ৰায় ডেৰ ডজন সমবায় বেংক জালিয়াতিৰ গোচৰত বৃহস্পতিবাৰে পোখাৰা জিলা আদালতৰ পৰা জামিন লাভ কৰে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ৰবি লামিচানে। ৬৫ লাখ টকাৰ জামিন বণ্ডত তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ আদালতে। বিগত ৮৪ দিন ধৰি আৰক্
रवि लामिछाने


কাঠমাণ্ডু, ০৯ জানুৱাৰী (হি.স.)। প্ৰায় ডেৰ ডজন সমবায় বেংক জালিয়াতিৰ গোচৰত বৃহস্পতিবাৰে পোখাৰা জিলা আদালতৰ পৰা জামিন লাভ কৰে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ৰবি লামিচানে। ৬৫ লাখ টকাৰ জামিন বণ্ডত তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ আদালতে।

বিগত ৮৪ দিন ধৰি আৰক্ষীৰ জিম্মাত থকা ৰবি লামিচানেৰ জামিন আবেদনক লৈ এসপ্তাহজোৰা বিতৰ্কৰ অন্তত আজি জিলা ন্যায়াধীশ ক্ষিতিজ ৰায়ে সমবায় বেংক জালিয়াতিৰ গোচৰৰ সকলো মূল অভিযুক্তক জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। সম্প্ৰতি ৰবি লামিচানেৰ বিৰুদ্ধে পাঁচখন ভিন্ন জিলা আদালতত জালিয়াতিৰ গোচৰ চলি আছে। ইয়াৰে ৰবিয়ে পোখৰাৰ সূৰ্যদৰ্শন সমবায় বেংকৰ জালিয়াতি গোচৰত জামিন লাভ কৰিছে। কাঠমাণ্ডু, ভাৰতপুৰ, বীৰগঞ্জ আৰু বুটৱালতো ৰৱিৰ বিৰুদ্ধে গোচৰ চলি আছে।

পোখাৰাৰ বাহিৰেও এতিয়ালৈকে কেৱল কাঠমাণ্ডুৰ স্বৰ্ণ লক্ষ্মী সহকাৰী বেংকৰ জালিয়াতিৰ গোচৰত চাৰ্জশ্বীট দাখিল কৰা হৈছে। জালিয়াতিৰ উপৰিও চৰকাৰী নথি-পত্ৰ জালিয়াতি আৰু সংগঠিত অপৰাধৰ অভিযোগো উত্থাপন হৈছে ৰৱিৰ বিৰুদ্ধে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande