৩১ ডিচেম্বৰৰ  নিশা নিখোঁজ হোৱা শিলচৰ জিচি কলেজৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ 
শিলচৰ , ০৮ জানুৱাৰী (হি.স.)। ৩১ ডিচেম্বৰৰ নিশা শিলচৰ চেংকুড়ি ৰোডৰ এক ভাড়াঘৰৰ পৰা নিখোঁজ হৈছিল শিলচৰ জিসি কলেজৰ কলা বিভাগৰ পূর্ণচন্দ্র বর্মন নামৰ এগৰাকী ছাত্ৰ। কাছাৰৰ বড়খলা উজানগ্রামৰ ওই যুবক শিলচৰ চেংকুড়ি ৰোডত নিজৰ ভনীয়েকৰ ভাৰাঘৰত থাকি পঢ়াশুনা কৰি আহ
৩১ ডিচেম্বৰৰ  নিশা নিখোঁজ হোৱা শিলচৰ জিচি কলেজৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ 


শিলচৰ , ০৮ জানুৱাৰী (হি.স.)। ৩১ ডিচেম্বৰৰ নিশা শিলচৰ চেংকুড়ি ৰোডৰ এক ভাড়াঘৰৰ পৰা নিখোঁজ হৈছিল শিলচৰ জিসি কলেজৰ কলা বিভাগৰ পূর্ণচন্দ্র বর্মন নামৰ এগৰাকী ছাত্ৰ। কাছাৰৰ বড়খলা উজানগ্রামৰ ওই যুবক শিলচৰ চেংকুড়ি ৰোডত নিজৰ ভনীয়েকৰ ভাৰাঘৰত থাকি পঢ়াশুনা কৰি আহিছিল ৷

৩১ ডিচেম্বৰৰ নিশা ১১ টা বজাত ভাড়াঘৰৰ পৰা উলাই গৈ নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে কোনো সন্ধান নাই পাই স্থানীয় আৰক্ষী চকীত ৰুজু কৰে নিখোঁজ সংক্ৰান্ত এক গোচৰ। আৰক্ষীয়ে নিখোঁজ যুবক জনক বিচাৰি সন্ধান চলায় যদিও বিফল হয়। যোৱাকালি কাছাৰৰ কাটিগড়া শিবচৰত বৰাকত নৈৰ পাৰত অজ্ঞাত পৰিচয়ৰ এক যুবকৰ উৱলিযোৱা মৃতদেহ প্রত্যক্ষ কৰে স্থানীয় লোক সকলে ৷ খৱৰ ঘটনাস্থলীত আৰক্ষী সহ যুবক জনৰ পৰিয়ালৰ লোক সকল উপস্থিত হয় । পৰিয়ালৰ লোকে যুবক জনক চিনাক্ত কৰাৰ পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে। ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে। একাংশৰ সন্দেহ ইয়া পৰিকল্পিত হত্যাকাণ্ড। যুবকজনক হত্যা কৰি বৰাক নৈত পেলাই দিয়া হৈছে। অবশ্যে সমগ্ৰ ঘটনালৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্তত উলাব ঘটনাৰ প্ৰকৃত ৰহস্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande