ধানৰ বীজ আৰু সাৰ চৰকাৰী নিৰ্ধাৰিত মুল্যত বিক্ৰি কৰাৰ দাবীত বিলাসীপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ 
ধুবুৰী,০৯ জানুৱাৰী (হি.স.)। কৃষকৰ ওপৰত মাধমাৰ সজাই চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যৰ তুলনাত অধিক দামত ধানৰ বীজ,সাৰ একাংশ দোকানি আৰু অসাধু চক্ৰই বিক্ৰি কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ সদস্যই বিলাসীপাৰাত উত্তাল প্ৰতিবাদ সাব্যস
বিলাসীপাৰা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ,


ধুবুৰী,০৯ জানুৱাৰী (হি.স.)। কৃষকৰ ওপৰত মাধমাৰ সজাই চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যৰ তুলনাত অধিক দামত ধানৰ বীজ,সাৰ একাংশ দোকানি আৰু অসাধু চক্ৰই বিক্ৰি কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ সদস্যই বিলাসীপাৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

বিলাসীপাৰা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে l অনগত দিনত বিলাসীপাৰা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়টোত ঘেৰাও কৰি তলা লগোৱাৰ হুংকাৰ প্ৰদান কৰে ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande