গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। প্ৰখ্যাত লেখক, জ্য়েষ্ঠ সাংবাদিক, সম্পাদক মনোজ কুমাৰ গোস্বামীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগত অতিথি অধ্যাপক হিচাপে নিযুক্তি দিয়া হৈছে। তেও বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক ভাষা, সাহিত্য, সাংবাদিকতাৰ জ্ঞান প্ৰদান কৰিব।
২০২২ চনত সন্মানীয় সাহিত্য অকাডেমী বঁটা লাভ কৰা গোস্বামী সংবাদ জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি, এটা আগশাৰীৰ চেটেলাইট নিউজ চেনেল আৰু এখন আগশাৰীৰ দৈনিক কাকতৰ মুখ্য সম্পাদক হিচাপে কাম কৰি আহিছে।
তেওঁ সাংবাদিকতাৰ বিস্তৃত অভিজ্ঞতাৰে পুষ্ঠ থকাৰ লগতে ভাষা আৰু সাহিত্যৰ গভীৰ জ্ঞান থকা তেওঁৰ গুণে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক সাধনাত যথেষ্ট লাভৱান হ’ব বুলি আশা কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্তই গোস্বামীৰ নিযুক্তিৰ সন্দৰ্ভত যঠেষ্ট আশাবাদী বুলি মন্তব্য প্ৰকাশ কৰিছে।
মনোজ কুমাৰ গোস্বামীলৈ লিখা এখন পত্ৰত তেওঁ উল্লেখ কৰে যে গৱেষক আৰু অধ্যাপকৰ সৈতে বিশিষ্ঠ সাংবাদিক গৰাকীৰ ভাবৰ আদান-প্ৰদানে বিশ্ববিদ্যালয় খনৰ বৌদ্ধিক আৰু শৈক্ষিক পৰিৱেশ সমৃদ্ধ কৰাত অৰিহণা যোগাব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ