জাজৰিত শিক্ষাবিদ লক্ষীৰাম বৰাৰ দেহাবসান  
নগাঁও, ০৯ জানুৱাৰী (হি.স.)। নগাঁও জাজৰি বগৰিগুৰি নিবাসী বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ লক্ষীৰাম বৰাৰ কালি দুপৰীয়া নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ। বৃটিছৰ অমোল
জাজৰিত শিক্ষাবিদ লক্ষীৰাম বৰাৰ দেহাবসান  


নগাঁও, ০৯ জানুৱাৰী (হি.স.)। নগাঁও জাজৰি বগৰিগুৰি নিবাসী বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ লক্ষীৰাম বৰাৰ কালি দুপৰীয়া নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ।

বৃটিছৰ অমোলৰে ১৯০৪ চনত স্থাপিত জাজৰি সংযুক্ত মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে তেতিয়াৰ মেট্ৰিক পৰীক্ষাত উত্তীন হৈ বৰাই পিছত নগাঁও মহাবিদ্যালয়ৰ পৰা আই এ আৰু স্নাতক উত্তীৰ্ন হৈ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৬১ চনত সহ শিক্ষক হিচাপে চাকৰী জীৱনৰ পাতনি মেলে। অতিকে মৰমীয়াল, ৰসিক লক্ষীৰাম বৰা আছিল ছাত্র-ছাত্রী সকলৰ অতিকে প্ৰিয় শিক্ষাগুৰু।

দীৰ্ঘদিন জুৰি জাজৰিৰ নিজা বাসভৱনতে বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৰাই আজি সকলোকে শোক সাগৰত পেলাই পৰলোক গমন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্র, বোৱাৰী, দুগৰাকী কন্যা, জোৱাই, নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ বিয়োগত বৃহত্তৰ জাজৰি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাজৰি শতদল শাখা সাহিত্য সভা, দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীকে ধৰি বিভিন্ন অনুষ্ঠানে তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande