ডিমা হাছাও, ০৯ জানুৱাৰী (হি.স.)। ডিমা হাছাও জিলাৰ উমৰাংছুত কয়লাখনিৰ সময়ত এক শোকাবহ দুৰ্ঘটনাৰ ফলত কেইবাগৰাকী শ্ৰমিক নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ইতিমধ্যে ইয়াৰে এগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এনে ধৰণৰ ঘটনা অতিকৈ দুৰ্ভাগ্যজনক। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে বৰ্তমানও আবদ্ধ হৈ থকা শ্ৰমিক সকলৰ উদ্ধাৰ অভিযান অতি খৰতকীয়াকৈ কৰিবলৈ চৰকাৰৰ তথা প্ৰশাসনক আহ্বান জনাইছে।
ইয়াৰ ওপৰিও প্ৰাকৃতিকভাবে চহকী ডিমা হাছাও জিলাক প্ৰমুখ্য কৰি বাকী বহু কেইখন জিলাত প্ৰায়েই কয়লাকে ধৰি বিভিন্ন প্ৰকৃতিক সম্পদৰ অবৈধ বেহা দেখিবলৈ পোৱা যায়। চৰকাৰ তথা প্ৰশাসনে অসমত চলি থকা অবৈধ খননৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে দাবী জনায়।
---------------
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ