ঋণৰ বোজা সহিব নোৱাৰি মানসিক চাপত ঘৰৰ পৰা ওলাই যোৱা মহিলা নিৰুদ্দেশ 
ঋণৰ বুজা সহিব নোৱাৰি মানসিক চাপত ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ মহিলা।
ঋণৰ বোজা সহিব নোৱাৰি মানসিক চাপত ঘৰৰ পৰা ওলাই যোৱা মহিলা নিৰুদ্দেশ 


মৰিগাঁও, ০৯ জানুৱাৰী (হি.স.): ঋণৰ বোজা সহিব নোৱাৰি মানসিক চাপত ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ পৰিছে এগৰাকী মহিলা।নিজ পুত্ৰৰ বাবে স্বামীয়ে লোৱা ঋণ পৰিশোধ কৰিবলৈ অক্ষম হৈ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বেহগুৰি গাঁৱৰ আব্দুল হামিদ ভূঞাৰ পত্নী হাজেৰা খাতুন।

মহিলা গৰাকীৰ স্বামীয়ে জানিব দিয়া মতে পুত্ৰৰ প্ৰয়োজন হোৱাত ডেৰ লাখ টকা একেখন গাঁৱৰে এজন লোকৰ পৰা ধাৰ লৈছিল। পিছলৈ পুত্ৰই সেই ধাৰ মাৰিবলৈ অমান্তি হোৱাত বৃদ্ধ পিতৃ মাতৃয়ে মানসিকভাৱে ভাঙি পৰে। মহিলা গৰাকীয়ে ধাৰ মাৰিবলৈ পুত্ৰক অনুৰোধ কৰিও বিফল হোৱাত মহিলা গৰাকী মানসিকভাৱে ভাঙি পৰে আৰু দুই মাহ পূৰ্বে স্বামীৰ ভাতৃৰ ঘৰৰ পৰা নিৰুদ্দেশ হয় ।

বিগত দুটা মাহে মিকিৰভেটা আৰক্ষীৰ সহযোগতো কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত আজি সংবাদ মাধ্যমৰ কাষ চাপে মহিলা গৰাকীৰ স্বামী।যদি কোনো সদাহয় ব্যক্তিয়ে মহিলা গৰাকীৰ সন্ধান লাভ কৰে তেন্তে 7627921056 অথবা 6002949403 নম্বৰত যোগাযোগ কৰিবলৈ মহিলা গৰাকীৰ স্বামীয়ে কাতৰ অনুৰোধ জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande