তিনিচুকীয়াত বজ্ৰপাতৰ ফলত আঘাতপ্ৰাপ্ত দুটা পৰিয়ালৰ কেইবাগৰাকীও সদস্য 
তিনিচুকীয়া, ০৮ জানুৱাৰী (হি.স.)। মঙ্গলবাৰৰ দিনটোৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত দিলে শিলাবৃষ্টি- বতাহ ধুমুহা বজ্ৰপাত। নিশা প্ৰায় তিনিমান বজাত বজ্ৰপাত মাৰে তিনিচুকীয়া জিলাৰ কৈলাসপুৰৰ নামহোলোং নগাঁৱৰ দুটা পৰিয়ালৰ গৃহত।বজ্ৰপাতৰ ফলত আঘাতপ্ৰাপ্ত হয় জোনাৰাম উ
তিনিচুকীয়াত বজ্ৰপাতৰ ফলত আঘাতপ্ৰাপ্ত দুটা পৰিয়ালৰ কেইবাগৰাকীও সদস্য 


তিনিচুকীয়া, ০৮ জানুৱাৰী (হি.স.)। মঙ্গলবাৰৰ দিনটোৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত দিলে শিলাবৃষ্টি- বতাহ ধুমুহা বজ্ৰপাত। নিশা প্ৰায় তিনিমান বজাত বজ্ৰপাত মাৰে তিনিচুকীয়া জিলাৰ কৈলাসপুৰৰ নামহোলোং নগাঁৱৰ দুটা পৰিয়ালৰ গৃহত।বজ্ৰপাতৰ ফলত আঘাতপ্ৰাপ্ত হয় জোনাৰাম উৰাং আৰু মাংগু উৰাঙৰ দু্যোটা পৰিয়াল কেইবাগৰাকী সদস্য।

বজ্ৰপাতৰ ফলত জোনাৰাম উৰাঙৰ ঘৰৰ ৫ জনকৈ সদস্য হয় আঘাতপ্ৰাপ্ত। আঘাতপ্ৰাপ্ত কেইগৰাকী হল একেইটা পৰিয়ালৰ জোনাৰাম উৰাং (৫০), হীৰা মণি উৰাং(৪৫) , চিম্পী উৰাং (১৪), বিতুল উৰাং (১২), পংকজ উৰাং (১০) ইয়াৰ লগতে আন এটা পৰিয়ালৰ মাংগু উৰাং (৩৫)বজ্ৰপাতৰ ফলত আঘাতপ্ৰাপ্ত হোৱা লোক সকলক বৰ্তমান লৈকে চিকিৎসা ব্যৱস্থা কৰা হোৱা নাই।বজ্ৰপাতৰ আঘাতপ্ৰাপ্ত লোক সকলক উন্নত চিকিৎসাৰ কৰাৰ লগতে পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে স্থানীয় লোকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande