কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)। কোকৰাঝাৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত আগন্তুক গণতন্ত্ৰ দিৱস ২০২৫ উদযাপনৰ বাবে আজি এখন বৈঠক অনুষ্ঠিত কৰা হয়। বৈঠকখন জিলা আয়ুক্ত মাচন্দা পাৰ্টিনৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।
বৈঠকত গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী ওপৰত গুৰুত্ব আৰোপ কৰি এক ব্যাপক আলোচনা কৰা হয়। জিলা আয়ুক্ত পাৰ্টিনে ব্যৱস্থাবোৰ সুশৃংখল কৰাৰ বাবে বিভাগবোৰৰ বিষয়া আৰু কৰ্মচাৰীসকলক আৱণ্টন কৰা কৰ্তব্যৰ এক বিতং ৰূপৰেখা প্ৰদান কৰে। তেওঁ এই দায়িত্বসমূহ পালনৰ ক্ষেত্ৰত বিভাগসমূহৰ মাজত সমন্বয়ৰ কথা কয়। তেওঁ সকলকে সহযোগিতামূলকভাৱে কাম কৰিবলৈ আহ্বান জনায়।
বৈঠকত অতিৰিক্ত আয়ুক্ত জিতুৰাজ গোগোই, সুভ্ৰম আদিত্য বৰা, কবিতা ডেকা আৰু ৱাদিউল ইছলামৰ লগতে বিভিন্ন বিভাগৰ বিষয়া, সংগঠনৰ প্ৰতিনিধি আৰু অন্যান্য মুখ্য অংশীদাৰসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ