গুৱাহাটীত লোকমাতা দেৱী অহিল্যা বাঈৰ ৩০০ তম্ জয়ন্তী মহোৎসৱ উপলক্ষে বক্তৃতানুষ্ঠান
গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। ভাৰতবৰ্ষৰ ঐতিহ্য-পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ হকে জীৱন উচৰ্গা কৰা বৰেণ্য ব্যক্তি সকলৰ ভিতৰত অন্যতম আছিল হ'লকৰ ৰাজবংশৰ সুযোগ্য সন্তান পুণ্যশ্লোকা, তেজস্বী ৰাণী লোকমাতা দেৱী অহিল্যা বাঈ হ'লকৰ। চলিত বৰ্ষত এই গৰাকী মহিয
গুৱাহাটীত লোকমাতা দেৱী অহিল্যা বাঈৰ ৩০০ তম্ জয়ন্তী মহোৎসৱ উপলক্ষে বক্তৃতানুষ্ঠান


গুৱাহাটী, ০৯ জানুৱাৰী (হি.স.)। ভাৰতবৰ্ষৰ ঐতিহ্য-পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ হকে জীৱন উচৰ্গা কৰা বৰেণ্য ব্যক্তি সকলৰ ভিতৰত অন্যতম আছিল হ'লকৰ ৰাজবংশৰ সুযোগ্য সন্তান পুণ্যশ্লোকা, তেজস্বী ৰাণী লোকমাতা দেৱী অহিল্যা বাঈ হ'লকৰ।

চলিত বৰ্ষত এই গৰাকী মহিয়সী ৰাণীৰ ৩০০ তম্ জয়ন্তী মহোৎসৱ সমগ্ৰ দেশতে উদযাপিত কৰা হৈ আছে। ইয়াৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ উদ্যোগত অহা ১১ জানুৱাৰী শনিবাৰে এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ কাৰ্যবাহ খগেন শইকীয়াই জানিবলৈ দিছে ৷ সিদিনা হেঙেৰাবাৰীৰ বৰবৰীস্থিত সুদৰ্শনালয়ত আবেলি তিনি বজাত অনুষ্ঠিত হ'ৱলগীয়া অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ অখিল ভাৰতীয় সহ-কাৰ্যবাহিকা অলকা ইনামদাৰে ৷ উক্ত অনুষ্ঠানত নিৰ্দিষ্ট সময়ৰ দহ মিনিট পূৰ্বে সৰ্বস্তৰৰ ৰাইজৰ উপস্হিতি আয়োজক সকলে কামনা কৰিছে ৷

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande