বজালীত গছ গছনি ৰোপন কৰি প্ৰকৃতি সুৰক্ষাত ব্ৰতি এজন
বৰপেটা, ০৯ জানুৱাৰী (হি.স.)। বজালীত গছ গছনি ৰোপন কৰি প্ৰকৃতি সুৰক্ষাত ব্ৰতি মনোজ শৰ্মা । বজালীৰ গাৰীসত্ৰত প্ৰকৃতি সুৰক্ষাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে মনোজ শৰ্মা নামৰ ব্যক্তিজনে। নিজৰ গাঁঠিৰ ধন খৰছ কৰি প্ৰকৃতিক সুৰক্ষা কৰাৰ প্ৰচেষ্টা। মুক্তি যুঁজাৰু
বজালীত গছ গছনি ৰোপন কৰি প্ৰকৃতি সুৰক্ষাত ব্ৰতি এজন


বৰপেটা, ০৯ জানুৱাৰী (হি.স.)। বজালীত গছ গছনি ৰোপন কৰি প্ৰকৃতি সুৰক্ষাত ব্ৰতি মনোজ শৰ্মা । বজালীৰ গাৰীসত্ৰত প্ৰকৃতি সুৰক্ষাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে মনোজ শৰ্মা নামৰ ব্যক্তিজনে। নিজৰ গাঁঠিৰ ধন খৰছ কৰি প্ৰকৃতিক সুৰক্ষা কৰাৰ প্ৰচেষ্টা। মুক্তি যুঁজাৰু ৰাম নাথ শৰ্মাৰ প্ৰতিমুৰ্তিও উন্মোচন কৰিলে মনোজ শৰ্মাৰ বাসগৃহত । নিজকে স্বাবলম্বী কৰি আন দুজনকো সংস্হাপন কৰাৰ লক্ষ্য ব্যক্তি গৰাকীৰ।

মনোজ শৰ্মা নামৰ এইগৰাকী ব্যক্তিয়ে ৭ বিঘা মাটি সামৰি গছ গছনি, চুইমিংপুল লগতে গো পালনেৰে কৰ্ম সংস্থাপনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। চাকৰিৰ পিছত দৌৰি নুফুৰি ঘৰতে এনেদৰে বিভিন্ন কামেৰে আন দহজনক স্বাবলম্বী হোৱাৰ সপোন দেখুৱাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande