কাঠমাণ্ডু, ০৮ জানুৱাৰী (হি.স.)। অহা ৯ জানুৱাৰীৰ পৰা নেপাল আৰু ভাৰতৰ মাজত হ’বলগীয়া বাণিজ্য সচিব পৰ্যায়ৰ বৈঠকৰ পূৰ্বে বুধবাৰে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু পৰিবহণ চুক্তি পুনৰীক্ষণৰ বাবে এক চুক্তিত উপনীত হৈছে। এই বৈঠকৰ বাবে কাঠমাণ্ডুত উপস্থিত হৈছে ভাৰতৰ বাণিজ্য সচিব সুশীল বৰথৱাল। নেপালৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব নেপালৰ বাণিজ্য সচিব গোবিন্দ বাহাদুৰ কাৰ্কীয়ে।
২০০৯ চনতেই নেপাল আৰু ভাৰতৰ মাজত বাণিজ্য আৰু পৰিবহণ চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিত তেতিয়াৰ বাণিজ্য ৰাজ্যিক মন্ত্ৰী জয়ৰাম ৰমেশ আৰু নেপালৰ তেতিয়াৰ বাণিজ্য মন্ত্ৰী ৰাজেন্দ্ৰ মহতোৱে স্বাক্ষৰ কৰিছিল। এই চুক্তিৰ বিধান অনুসৰি প্ৰতি সাত বছৰৰ মূৰে মূৰে ইয়াক স্বয়ংক্ৰিয়ভাৱে নবীকৰণ কৰা হয়। ২০১৬ আৰু ২০২৩ চনত ইয়াক নবীকৰণ কৰা হৈছে যদিও ইয়াত বহু বৈষম্যৰ বাবে নেপালৰ ফালৰ পৰা ইয়াৰ পৰ্যালোচনাৰ দাবী উত্থাপন হৈছিল। যদিও ভাৰতে ২০২০ চনত নিজেই পুনৰীক্ষণ কৰিবলৈ সন্মত হৈছিল, কিন্তু ক’ৰ’না মহামাৰীৰ বাবে সেই বছৰ কেৱল ভাৰ্চুৱেল মিটিংহে অনুষ্ঠিত কৰিব পৰা গ’ল।
নেপালৰ বাণিজ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ বাবুৰাম অধিকাৰীয়ে কয় যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আন্তঃচৰকাৰী গোটটোৰ বৈঠকত বাণিজ্য আৰু পৰিবহণ সন্ধিৰ পৰ্যালোচনা কৰাটো এটা ডাঙৰ এজেণ্ডা হ’ব। তেওঁ কয় যে এই সন্ধিৰ কোনবোৰ বিধান সলনি কৰিব লাগিব সেই সন্দৰ্ভত হোমৱৰ্ক চলি আছে আৰু সম্ভৱতঃ আজি সন্ধিয়াৰ ভিতৰত একমতত উপনীত হ’ব। তেওঁৰ মতে, ভাৰতে আৰোপ কৰা ৰপ্তানি নিষেধাজ্ঞা আঁতৰোৱাৰ বাবে নেপালৰ পৰা প্ৰস্তাৱ আহিব পাৰে। একেদৰে ভাৰতৰ পৰা নেপালৰ গুণগত মান পত্ৰ স্বীকৃতিৰ দাবী উত্থাপন হ’ব। ৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া বৈঠকত এই সকলোবোৰ এজেণ্ডা আলোচনা কৰা হ’ব বুলিও তেওঁ কয়।
বাণিজ্য মন্ত্ৰালয়ৰ মুখপাত্ৰৰ মতে, নেপাল আৰু ভাৰতৰ মাজত অবৈধ বাণিজ্য বন্ধ কৰাৰ বাবেও নতুন চুক্তি স্বাক্ষৰ কৰা হৈছে। এই চুক্তিৰ অধীনত চীনৰ পৰা নেপাল হৈ ভাৰতলৈ সৰবৰাহ বন্ধ কৰিবলৈ আইনী স্বীকৃতি দিয়া হ’ব।
हिन्दुस्थान समाचार / Monoj Kumar Saikia