কাঠমাণ্ডু, ০৮ জানুৱাৰী (হি.স.)। কাঠমাণ্ডু চহৰৰ সাতদোবাটো অঞ্চলৰ পাঁচ মহলীয়া ঘৰত চলি থকা এটা কল চেণ্টাৰত অভিযান চলাই দুজন ভাৰতীয় নাগৰিককে ধৰি ৫৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। অভিযানৰ সময়ত শেহতীয়াকৈ অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট ক্ৰিকেটত বল-টু-বল জুৱাৰ প্ৰমাণ পোৱা গৈছিল। বুধবাৰে আটাইকেইজনকে জিলা আদালতত হাজিৰ কৰা হয়, য’ৰ পৰা তেওঁলোকক পাঁচ দিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ডত প্ৰেৰণ কৰা হৈছে।
চিআইবিৰ মুৰব্বী এআইজি দীপক থাপাই কয় যে কল চেণ্টাৰ চলোৱাৰ নামত ইয়াৰ পৰাই ভাৰতীয় বিভিন্ন ক্ৰীড়াৰ বাবে অনলাইন বাজি চলি আছিল। অভিযানৰ সময়ত কল চেণ্টাৰৰ পৰা ৮৫টা লেপটপ, ৮৪টা মোবাইল ফোন, ১০০ৰো অধিক অব্যৱহৃত চিম কাৰ্ড জব্দ কৰা হয়।
চিআইবিৰ তথ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা ভাৰতীয় নাগৰিক কেইজন হৈছে বিহাৰৰ মতিহাৰীৰ বাসিন্দা মনীষ কুমাৰ ঝা আৰু গুজৰাটৰ বাসিন্দা ৰাহুল মেগোদা। ইয়াৰ উপৰিও নেপালৰ নাগৰিক মনি দহল, সুস্মিতা নেপালী, চেলিনা শ্ৰেষ্ঠ, আদিত্য কুমাৰ সিং আৰু ৰোশন শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা হৈছে। আটাইকেইজনক বুধবাৰে জিলা আদালতত হাজিৰ কৰি পাঁচ দিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ডলৈ প্ৰেৰণ কৰা হৈছে। ধৃত লোকক লৈ এতিয়াও তদন্ত অব্যাহত আছে।
চিআইবিয়ে আদালতত কয় যে এই কল চেণ্টাৰত সিংঘম লটাৰী, আন্না লটাৰী, ভানু লটাৰী, ইণ্ডাছ বেটৰ দৰে অনলাইন বেটিং এপ ব্যৱহাৰ কৰি অনলাইন পণ কৰা হৈছে। এই সময়ছোৱাত হোৱাটছএপৰ জৰিয়তে বিভিন্ন ই-ৱালেটত পেমেণ্ট জমা কৰা হৈছিল। শেহতীয়াকৈ ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট ক্ৰিকেটত বল-টু-বল জুৱাৰ প্ৰমাণ পোৱা গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া