ৱাশ্বিংটন, ০৮ জানুৱাৰী (হি.স.)। আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ হামাছক সকীয়াই দিয়ে যে যদিহে তেওঁৰ কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে পণবন্দীসকলক মুকলি কৰি নিদিয়ে তেন্তে মধ্যপ্ৰাচ্যৰ সকলো ধ্বংস হৈ যাব। ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে ট্ৰাম্পে।
নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পে মঙলবাৰে ফ্ল’ৰিডাৰ মাৰ-এ-লাগোত অনুষ্ঠিত হোৱা এক সংবাদমেলৰ সময়ত হামাছৰ সৈতে চলি থকা আলোচনা সন্দৰ্ভত হামাছে পণবন্দী কৰি ৰখা লোকসকলক মুকলি কৰি দিয়াৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দিছিল। ট্ৰাম্পে স্পষ্টভাৱে কয় যে ২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে পণবন্দীসকলক মুকলি কৰি দিয়া নহ’লে হামাছ বা কাৰোবাৰ বাবে ভাল নহ’ব। তেওঁ কয় যে “মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়লৈকে যদি ইজৰাইলী পণবন্দীসকলক ঘূৰাই নিদিয়ে তেন্তে মধ্যপ্ৰাচ্যৰ সকলো অৱনতি ঘটিব।” তেওঁ কয় যে তেওঁলোকে বহু আগতেই পণবন্দীসকলক মুকলি কৰি দিব লাগিছিল। মানুহক কেতিয়াও পণবন্দী কৰি ৰখা উচিত নাছিল।
২০২৩ চনৰ ৭ অক্টোবৰত দক্ষিণ ইজৰাইলত হামাছৰ সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ পিছত ইজৰাইলে অনুমান কৰিছে যে এতিয়াও প্ৰায় এশজন লোক হামাছে পণবন্দী কৰি ৰাখিছে, যাৰ বাবে মুক্তিৰ প্ৰচেষ্টা বিভিন্ন পৰ্যায়ত চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া