পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত স্থানীয়ভাৱে জিলা সভাপতিক মিত্ৰতাৰ কৰ্তৃত্ব কংগ্ৰেছৰ
গুৱাহাটী, ০৮ জানুৱাৰী (হি.স.)। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰাৰ স্বাৰ্থত জিলা পৰ্যায়ত আন আন দলসমূহৰ সৈতে আলোচনা কৰি বুজা-পৰা কৰিব। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জিলা কংগ্ৰেছৰ সভাপতিসকলক এই কৰ্তৃত্ব প্ৰদা
পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত স্থানীয়ভাৱে জিলা সভাপতিক মিত্ৰতাৰ কৰ্তৃত্ব কংগ্ৰেছৰ


গুৱাহাটী, ০৮ জানুৱাৰী (হি.স.)। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰাৰ স্বাৰ্থত জিলা পৰ্যায়ত আন আন দলসমূহৰ সৈতে আলোচনা কৰি বুজা-পৰা কৰিব।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জিলা কংগ্ৰেছৰ সভাপতিসকলক এই কৰ্তৃত্ব প্ৰদান কৰিছে। জিলা কংগ্ৰেছৰ সভাপতিসকলে স্থানীয়ভাৱে বিজেপি বিৰোধী দলৰ নেতা-কৰ্মীৰ লগত আলোচনা কৰি প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত যথাযথ ব্যৱস্থা কৰিব। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ গগৈয়ে জিলা কংগ্ৰেছৰ সভাপতিসকললৈ দিয়া এক নিৰ্দেশনাত এই কথা জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande