কামৰূপ, ০৮ জানুৱাৰী (হি.স.)। বিভিন্ন দাবী পুনৰ বাবে সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো আজি আবছুৰ প্ৰতিবাদ । ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত সংগঠনটোৰ সদস্য সকলে তিনি ঘণ্টাৰ অৱস্থান ধৰ্মঘট পালন কৰে ।
প্ৰতিবাদকাৰী সকলে কেইবাটাও দাবী উত্থাপন কৰে যদিও মুলত: অসমত থকা বড়ো মাধ্যমৰ বিদ্যালয় সমুহত অধিক শিক্ষক নিযুক্তি , অসমৰ প্ৰশাসনিক পৰীক্ষাত অসমীয়াৰ দৰে বড়ো ভাষাতো পৰীক্ষাত অৱতীৰ্ণ হব পৰা আৰু টেটৰ লগতে চি টেটৰ বড়ো মাধ্যমৰ প্ৰাৰ্থী সকলকো নিযুক্তি দিয়াৰ দাবী কৰে । উল্লেখযোগ্য যে প্ৰতিবাদৰ মাজতে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা প্ৰতিবাদস্থলীত উপস্থিত হয় । তেওঁ প্ৰতিবাদকাৰীসকলৰ সৈতে কিছু সময় মত বিনিময় কৰে । প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীতেই ৰঙিয়াৰ বিধায়ক গৰাকীৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰী সকলে ৰঙিয়া সমজিলাৰ আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ