চিৰাং, ০৮ জানুৱাৰী (হি.স.)। চিৰাঙৰ কাজলগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।
কেইবাটাও দাবীৰ সমৰ্থনত আজি এবছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে। অসম ন্যায়িক সেৱা পৰিক্ষাত বড়ো ভাষা সন্নিৱিষ্ট কৰা, চিটেটত বড়ো ভাষা সন্নিৱিষ্ট কৰা, বিটিআৰৰ বড়ো জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীৰ শিক্ষা লাভৰ স্বাৰ্থত পয়ত্ৰিছ খন বড়ো মাধ্যমৰ হাইস্কুল নিৰ্মাণ কৰা,
বিটিআৰৰ বড়ো মাধ্যমৰ বিদ্যালয় সমুহত খালি হৈ থকা শিক্ষকৰ পদ সমুহ পুৰন কৰা আদি বিভিন্ন দাবীত চিৰাং জিলা এবছুৰ উদ্যোগত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু