ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা নিয়মৰ খচৰাই নাগৰিককেন্দ্ৰিক শাসনৰ প্ৰতি দেশৰ দায়বদ্ধতাক দিয়ে অগ্ৰাধিকাৰ: পি.এম
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কয় যে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন ৰুলছ-২০২৫ৰ খচৰাত নাগৰিককেন্দ্ৰিক শাসনৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক অগ্ৰাধিকাৰ দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ এক্স পোষ্টৰ প্ৰতি
প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে মহান তামিল কবি সুব্ৰমণ্য ভাৰতীৰ সম্পূৰ্ণ ৰচনা সংকলন


নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কয় যে ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন ৰুলছ-২০২৫ৰ খচৰাত নাগৰিককেন্দ্ৰিক শাসনৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক অগ্ৰাধিকাৰ দিয়া হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ এক্স পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে লিখিছে, “কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ব্যাখ্যা কৰিছে যে খচৰা ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা নিয়ম, ২০২৫ য়ে নাগৰিককেন্দ্ৰিক শাসনৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক কেনেদৰে অগ্ৰাধিকাৰ দিয়ে। এই নিয়মৰ লক্ষ্য হৈছে উন্নয়ন আৰু অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ লগতে ব্যক্তিগত তথ্য সুৰক্ষিত কৰা।”

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande