মহাকুম্ভ-২০২৫লৈ উৎসৰ্গিত আকাশবাণী আৰু দূৰদৰ্শনৰ বিশেষ গীত উন্মোচন 
নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি বুধবাৰে ‘মহা কুম্ভ-২০২৫’ৰ প্ৰতি উৎসৰ্গিত আকাশবাণী (সৰ্বভাৰতীয় ৰেডিঅ’) আৰু দূৰদৰ্শনৰ এক বিশেষ গীত উন্মোচন কৰে। দিল্লীত এই কাৰ্যসূচীত প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱ
অশ্বিনী বৈষ্ণৱৰ জয় মহাকুম্ভ গীত উন্মোচন


নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি বুধবাৰে ‘মহা কুম্ভ-২০২৫’ৰ প্ৰতি উৎসৰ্গিত আকাশবাণী (সৰ্বভাৰতীয় ৰেডিঅ’) আৰু দূৰদৰ্শনৰ এক বিশেষ গীত উন্মোচন কৰে।

দিল্লীত এই কাৰ্যসূচীত প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগল আৰু মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীও উপস্থিত আছিল। জয় মহাকুম্ভ নামৰ এই গীতটি কণ্ঠদান কৰিছে ৰতন প্ৰসন্নই। ইয়াৰ সংগীত সন্তোষ নাহৰ আৰু ৰতন প্ৰসন্নে দিছে আৰু ইয়াৰ ৰচনা কৰিছে অভিনয় শ্ৰীবাস্তৱে।

উল্লেখযোগ্য যে ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত হিন্দুসকলৰ বিশ্বাসৰ উৎসৱ মহাকুম্ভৰ আয়োজন কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande