ভাৰত আৰু মালদ্বীপৰ দ্বিপাক্ষিক আলোচনাত ‘সামগ্ৰিক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্ব’ৰ বিষয়ে চৰ্চা
- মালদ্বীপৰ সৈতে চলি থকা উত্তেজনা সত্ত্বেও আলোচনাত কূটনৈতিকভাৱে জড়িত হোৱাৰ ইংগিত নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত ভ্ৰমণলৈ অহা মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ঘাছান মৌমুনৰ সৈতে বুধবাৰে নতুন দিল্লীত দ্বিপাক্ষি
নতুন দিল্লীত মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ঘাছান মৌমুনৰ সৈতে ৰাজনাথ সিঙৰ দ্বিপাক্ষিক বৈঠক


- মালদ্বীপৰ সৈতে চলি থকা উত্তেজনা সত্ত্বেও আলোচনাত কূটনৈতিকভাৱে জড়িত হোৱাৰ ইংগিত

নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত ভ্ৰমণলৈ অহা মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ঘাছান মৌমুনৰ সৈতে বুধবাৰে নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয় । বৈঠকৰ সময়ত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ সৈতে জড়িত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয়, যিয়ে মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ সামৰ্থ্য বৃদ্ধিতো সহায় কৰিব। আজিৰ আলোচনাই ভাৰত-মালদ্বীপৰ সম্পৰ্কত নতুন শক্তি যোগ কৰিব। মালদ্বীপৰ সৈতে চলি থকা তিক্ততাৰ মাজতো প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ এই বৈঠক কূটনৈতিক সংযোগৰ লক্ষণ।

মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ঘাছান মৌমুনৰ সৈতে হোৱা ফলপ্ৰসূ আলোচনাই ‘ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্ব’ৰ দিশত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ বাবে সাজু হোৱাটো পুনৰ দৃঢ় কৰে। এই বৈঠকত আঞ্চলিক স্থিতিশীলতা আৰু নিৰাপত্তা বৃদ্ধিৰ লক্ষ্যৰে ভাৰতৰ ‘চুবুৰী প্ৰথম’ নীতিৰ অংশ প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই কথা-বতৰা দুয়োখন দেশৰ মাজত উত্তেজিত সম্পৰ্কৰ পিছত সংঘটিত হৈছিল, যিটো সময়ত ভাৰতে মালদ্বীপৰ পৰা সামৰিক জোৱান প্ৰত্যাহাৰ কৰিছিল।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিভিন্ন দিশৰ বিস্তৃত পৰ্যালোচনা কৰে। আলোচনাৰ সময়ত দুয়োপক্ষই ভাৰত-মালদ্বীভৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ যৌথ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ সামৰ্থ্য বৃদ্ধিৰ বাবে প্ৰশিক্ষণ, নিয়মীয়া অনুশীলন, প্ৰতিৰক্ষা প্ৰকল্প, কৰ্মশালা আৰু আলোচনা চক্ৰকে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে।

মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মৌমনে মালদ্বীপৰ প্ৰতি ‘প্ৰথম সঁহাৰিদাতা’ হিচাপে ভাৰতৰ ঐতিহাসিক ভূমিকাক প্ৰশংসা কৰে। মালদ্বীপ চৰকাৰৰ অনুৰোধত ভাৰতে মালদ্বীপক প্ৰতিৰক্ষা সঁজুলি আৰু ষ্ট’ৰসমূহ গতাই দিয়ে। ভাৰত আৰু মালদ্বীপৰ আধ্যাত্মিক, ঐতিহাসিক, ভাষিক আৰু জাতিগত সম্পৰ্ক আছে। ভাৰত মহাসাগৰীয় অঞ্চল (আই অ’ আৰ)লৈ স্থিতিশীলতা আৰু সমৃদ্ধি অনাৰ লক্ষ্যৰে ভাৰতৰ ‘চুবুৰী প্ৰথম’ নীতিত মালদ্বীপৰ বিশেষ স্থান আছে।

দুয়োখন দেশেই আই অ’ আৰৰ সুৰক্ষা আৰু নিৰাপত্তা বজাই ৰখাত মূল ভূমিকা পালন কৰে আৰু অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু উন্নয়নত ভাৰতৰ দৃষ্টিভংগী (এছএজিএআৰ)ত অৰিহণা যোগায়। উল্লেখ্য যে ১০ জানুৱাৰীলৈ তিনিদিনীয়া ভাৰত ভ্ৰমণ কৰিব মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। ভাৰতত থকা সময়ছোৱাত তেওঁ গোৱা আৰু মুম্বাইও ভ্ৰমণ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande