এন চি চিৰ কেডেটসকলৰ বায়ুসেনাৰ মুৰব্বীৰ সন্মুখত ‘সাংস্কৃতিক কাৰ্যসূচী’ত ভাৰতীয় সংস্কৃতিক উপস্থাপন 
- দিল্লী সঞ্চালকালয়ৰ কেডেট আনমোল মেহৰাৰ দ্বাৰা নিৰ্মিত এখন প্ৰতিকৃতি এয়াৰ চিফ মাৰ্শ্বালক প্ৰদান নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে বুধবাৰে দিল্লী কেণ্টত থকা নেশ্যনেল কেডেট কৰ্পছৰ ৰিপাব্লিক ডে কেম্প পৰ
দিল্লী সঞ্চালকালয়ৰ কেডেট আনমোল মেহৰাৰ দ্বাৰা নিৰ্মিত এখন প্ৰতিকৃতি এয়াৰ চিফ মাৰ্শ্বালক প্ৰদান কৰা হয়


- দিল্লী সঞ্চালকালয়ৰ কেডেট আনমোল মেহৰাৰ দ্বাৰা নিৰ্মিত এখন প্ৰতিকৃতি এয়াৰ চিফ মাৰ্শ্বালক প্ৰদান

নতুন দিল্লী, ০৮ জানুৱাৰী (হি.স.)। বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে বুধবাৰে দিল্লী কেণ্টত থকা নেশ্যনেল কেডেট কৰ্পছৰ ৰিপাব্লিক ডে কেম্প পৰিদৰ্শন কৰে । কেডেটসকলক সাক্ষাৎ কৰাৰ সময়ত তেওঁ প্ৰশিক্ষণৰ সময়ত অনুশাসন, নিস্বাৰ্থ সেৱা, জাতি গঠন, আচৰণ বিধি আদি মূল্যবোধৰ ওপৰত আলোকপাত কৰে। তেওঁ কেডেটসকলক তেওঁলোকৰ জীৱনত এই মূল্যবোধসমূহ সদায় বজাই ৰাখিবলৈ আৰু এনচিচিৰ ‘ঐক্য আৰু অনুশাসন’ মূলমন্ত্ৰৰ কাষত থিয় দি জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰতিশ্ৰুতি দিবলৈ অনুপ্ৰাণিত কৰে।

বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে এন চি চি গণৰাজ্য দিৱস শিবিৰৰ জৰিয়তে কেডেটসকলে বিভিন্ন সংস্কৃতি, ধৰ্ম আৰু অঞ্চলৰ লোকক লগ পোৱাৰ সুযোগ লাভ কৰে। এইদৰে দেশৰ ‘বৈচিত্ৰ্যত ঐক্য’ৰ মনোভাৱ শক্তিশালী কৰে। তেওঁ এই অনুষ্ঠানত কেডেটসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ শলাগ লয় এয়াৰ ষ্টাফে ৰাষ্ট্ৰীয় কেডেট কৰ্পছৰ সেনা, নৌসেনা আৰু বায়ুসেনাৰ শাখাৰ ‘গাৰ্ড অৱ অনাৰ’ পৰিদৰ্শন কৰে। ইয়াৰ পিছত গ্ৱালিয়ৰৰ সিন্ধিয়া স্কুলৰ কেডেটৰ বেণ্ড পৰিবেশন দেখা গ’ল। এন চি চিৰ ১৭খন সঞ্চালকালয়ৰ কেডেটসকলে বিভিন্ন সামাজিক সজাগতাৰ বিষয়বস্তুৰ ওপৰত প্ৰস্তুত কৰা ‘ফ্লেগ এৰিয়া’ পৰিদৰ্শন কৰে বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে।

বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে ‘হল অৱ ফেম’ও পৰিদৰ্শন কৰে। ৰাষ্ট্ৰীয় কেডেট কৰ্পছৰ ইতিহাস, প্ৰশিক্ষণ আৰু কৃতিত্বৰ বিষয়ে অৱগত কৰা হয়। তাৰ পিছত, বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে অন্যান্য বিশিষ্ট অতিথিসকলৰ সৈতে বিভিন্ন সঞ্চালকালয়ৰ এক 'সাংস্কৃতিক কাৰ্যসূচী' প্ৰত্যক্ষ কৰে। কেডেটসকলে বেলে, গোট নৃত্য আৰু গীতৰ জৰিয়তে ভাৰতীয় সংস্কৃতি উপস্থাপন কৰিছিল। এয়াৰ চীফ মাৰ্শ্বেলক দিল্লী সঞ্চালকালয়ৰ কেডেট আনমোল মেহৰাৰ প্ৰতিকৃতি প্ৰদান কৰা হৈছিল। চিএএছে ভিজিটৰ গ্ৰন্থখনত স্বাক্ষৰ কৰে আৰু ভৱিষ্যতৰ নেতাসকলক গঢ় দিয়াৰ বাবে এনচিচি সংগঠনক প্ৰশংসা কৰে আৰু সকলো কেডেটক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande