গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। চণ্ডীগড়ত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত মন্ত্ৰী গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। মন্ত্ৰী গৰাকী সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে নিশ্চিত কৰিছে। পৰৱৰ্তী চাৰি বছৰৰ বাবে তেও উক্ত পদত বাহাল থকাটো নিশ্চিত কৰি দেশৰ ক্ৰীড়া জগতত তেওঁৰ স্থান অধিক সুদৃঢ় কৰিব সক্ষম হৈছে ।
অসম এথলেটিক এছ’চিয়েশ্যনৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমত এথলেটিকছৰ প্ৰসাৰ আৰু বিকাশৰ চালিকা শক্তি হিচাপে কাম কৰি আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ নতুন ভূমিকাই ভাৰতীয় এথলেটিকছৰ ভৱিষ্যত গঢ় দিয়াত তেওঁৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰতিফলিত কৰে।
ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নৱনিৰ্বাচিত সদস্য সকলৰ ভিতৰত আছে সভাপতি হিচাপে বাহাদুৰ সিং, সম্পাদক হিচাপে সন্দীপ মেহতা, জ্যেষ্ঠ উপ-সভাপতি হিচাপে অঞ্জু ববি জৰ্জ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ