গুৱাহাটী, ০৭ জানুৱাৰী, (হি.স.)। ভাৰতীয় ৰে'লৱেই চলিত ২০২৪-২৫বিত্তীয় বৰ্ষত মূলধনীব্যয়ৰ (ক্যাপেক্স) দিশত ডিচেম্বৰ ২০২৪লৈকে মুঠ (ক্যাপেক্স) ২লাখ কোটি টকা ব্যয় সহ ভাল অগ্ৰগতি লাভ কৰিছে। ইয়াৰ জৰিয়তে, ৰে'লৱেই ইতিমধ্যে মূলধনী আৱণ্টনৰ ৭৬% ব্যৱহাৰ কৰিছে, যি হৈছে ২০২৩-২৪বিত্তীয় বৰ্ষৰ তুলনাত ৪৮৭৫কোটি টকা অধিক।
ভাৰতীয় ৰে'লৱেই ৰে'ল চলাচলৰ সুগমতা বৃদ্ধি কৰা, উন্নত যাত্ৰী অভিজ্ঞতা প্ৰদান কৰা আৰু এক সুৰক্ষিত ৰে’ল নেটৱৰ্ক নিশ্চিত কৰাৰ বাবে বিশাল মূলধনী বিনিয়োগ হাতত লৈছে। গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত আছে নতুন ৰে’লপথ, গজ ৰূপান্তৰ, দ্বৈত ৰে’লপথ, পৰিবহন সুবিধাৰ কাম, ৰে'লৱে বৈদ্যুতিকৰণৰ লগতে ৰে'ল ষ্টেচন, মালবাহী টাৰ্মিনেল আৰু অন্যান্য আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ দৰে ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান। সুৰক্ষাৰ কামৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে, য'ত বিত্তীয় বৰ্ষৰ প্ৰথম ন মাহত ইতিমধ্যে সুৰক্ষা সম্পৰ্কীয় ক্যাপেক্সৰ ৮২% ব্যয় কৰা হৈছে।
অন্যান্য ৰে'লৱে সংমণ্ডলৰ লগতে উত্তৰ-পূব সীমান্ত ৰে'লৱেইও এই প্ৰচেষ্টাত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। উত্তৰ পূব সীমান্ত ৰেলৱেই ইতিমধ্যে ক্ষমতা বৃদ্ধিৰ কামৰ বাবে আৱণ্টিত ক্যাপেক্স পুঁজিৰ ৯৯.২৪% ব্যৱহাৰ কৰিছে। লগতে, কাম দ্বৈত ৰে’লপথৰ বাবে ৭৫.৫১% পুঁজি আৰু সুৰক্ষা সম্পৰ্কীয় কামৰ বাবে ৬০.৭৮% পুঁজিও ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে। নতুন ৰোড অভাৰ ব্ৰীজ আৰু ৰোড আণ্ডাৰ ব্ৰীজ তলত নিৰ্মাণৰ বাবে আৱণ্টন কৰা পুঁজিৰ ৭১.৪৩% ব্যৱহাৰ কৰা হৈছেআৰু সেতু সম্পৰ্কীয় কামৰ বাবে ৭১.৯৬% পুঁজিও ফলদায়কভাৱে ব্যয় কৰা হৈছে।
ৰে'লৱেৰ গুৰুত্বপূৰ্ণ সম্পদ সৃষ্টিৰ বাবে মূলধনব্যয়ৰ প্ৰয়োজন, যি সুৰক্ষা, দক্ষতা আৰু যাত্ৰী স্বাচ্ছন্দ্য বৃদ্ধিই নকৰে, লগতে অৰ্থনীতিৰ ওপৰতো ফলপ্ৰসূ প্ৰভাৱ পেলায়, চাহিদা, উপাৰ্জন আৰু নিযুক্তি সৃষ্টি কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া