- বংগ উপসাগৰ, ভাৰত মহাসাগৰ আৰু সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নৌসেনাই লাভ কৰিব শক্তি
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। ভাৰতে নিজৰ পাৰমাণৱিক শক্তিচালিত বেলিষ্টিক মিছাইল চাবমেৰিন বাহিনীৰ বাবে নতুন ঘাটি ‘আইএনএছ বৰ্ষা’ নিৰ্মাণ কৰি আছে, যাৰ নিৰ্মাণ দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। বংগোপসাগৰকে ধৰি ভাৰত মহাসাগৰত চীনৰ সামৰিক উপস্থিতি বৃদ্ধি পোৱাৰ প্ৰতি সঁহাৰি জনাই ভাৰতৰ নৌসেনাৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে। ইয়াৰ উপৰিও ২০৪৭ চনৰ ভিতৰত ভাৰতীয় নৌসেনাক সম্পূৰ্ণৰূপে স্বাৱলম্বী কৰাৰ লক্ষ্যও পূৰণ কৰিব। বিশ্বৰ সৰ্ববৃহৎ চীনৰ নৌসেনাক প্ৰতিহত কৰিবলৈ ভাৰতৰ পাৰমাণৱিক চাবমেৰিন কাৰ্যসূচী চলি আছে। ২০৩৬ চনৰ ভিতৰত ভাৰতত প্ৰথমখন থলুৱা পাৰমাণৱিক আক্ৰমণৰ চাবমেৰিন থকাৰ সম্ভাৱনা আছে।
এই ভূগৰ্ভস্থ ঘাটিটো অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় গাঁও ৰামবিলিৰ ওচৰত বিশাখাপট্টনম নৌসেনাৰ ঘাটিৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগত অৱস্থিত। এই ঘাটিটোৱে কেৱল বংগোপসাগৰ আৰু ভাৰত মহাসাগৰ অঞ্চলতে নহয়, সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নৌসেনাৰ শক্তিক নতুন ৰূপ দিব। যদিও আই এন এছ বৰ্ষাৰ সঠিক খৰচৰ বিষয়ে জানিব পৰা হোৱা নাই, তথাপিও ইয়াৰ বাবে প্ৰায় ৩.৭৫ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হ’ব বুলি অনুমান কৰা হৈছে। এই ঘাটিটোত অৰিহন্ত শ্ৰেণী আৰু ভৱিষ্যতৰ এছ ৫ শ্ৰেণীৰ জাহাজকে ধৰি ১২খনতকৈও অধিক পাৰমাণৱিক চালিত চাবমেৰিনৰ ব্যৱস্থা কৰা হৈছে।
আই এন এছ বৰ্ষাই কোৱাডৰ দেশৰ অংশীদাৰ আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতেও নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই ঘাটিটোৱে ভাৰতীয় সামুদ্ৰিক সামৰ্থ্য বৃদ্ধিৰ বাবে নৌসেনাৰ বৰ্তমান আৰু ভৱিষ্যতৰ ছাবমেৰিনৰ কেন্দ্ৰ হিচাপে কাম কৰিব। ভাৰতৰ প্ৰথমখন পাৰমাণৱিক শক্তিচালিত আক্ৰমণাত্মক চাবমেৰিনে ভাৰতীয় নৌসেনাৰ কৌশলগত সামৰ্থ্যক ৰূপান্তৰিত কৰিব। ইয়াৰ উপৰিও ভাৰত মহাসাগৰ অঞ্চলত (আই অ’ আৰ) চীন আৰু পাকিস্তানৰ বৰ্ধিত সামুদ্ৰিক কাৰ্যকলাপৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত এই চাবমেৰিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ উপৰিও এই ঘাটিটোৱে ভাৰতৰ নৌশক্তিৰ প্ৰক্ষেপণৰ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব আৰু বিশাল ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব, যাৰ ফলত ভাৰতীয় নৌসেনাই ইয়াৰ নিকট জলসীমাৰ বহু দূৰলৈকে কাম কৰিব পাৰিব।
ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ ত্ৰিপাঠীয়ে নিশ্চিত কৰিছে যে ২০৩৬ চনৰ ভিতৰত দেশৰ প্ৰথমখন থলুৱা পাৰমাণৱিক আক্ৰামক ছাবমেৰিন আৰু দ্বিতীয়খন দুবছৰৰ ভিতৰত সাজু হোৱাৰ সম্ভাৱনা আছে। প্ৰথম দুখন ছাবমেৰিনৰ এই প্ৰকল্পৰ আনুমানিক ব্যয় প্ৰায় ৩৫ হেজাৰ কোটি টকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সুৰক্ষা বিষয়ক কেবিনেট সমিতি (চিচিএছ)য়ে যোৱা বছৰৰ অক্টোবৰ মাহত দুখন থলুৱা পাৰমাণৱিক আক্ৰামক চাবমেৰিন নিৰ্মাণৰ অনুমোদন জনাইছিল। ইয়াৰ বিপৰীতে ভাৰতীয় নৌসেনাৰ বাবে এনে ছখন চাবমেৰিনৰ প্ৰয়োজন।
এডমিৰেল ত্ৰিপাঠীয়ে কয় যে নৌসেনাই ১৭৫খন যুদ্ধ জাহাজেৰে শক্তিশালী বাহিনী হোৱাৰ পথত আগবাঢ়িছে। কলভৰী শ্ৰেণীৰ অতিৰিক্ত তিনিখন চাবমেৰিন আৰু ৰাফেল এম জেট বিমান ক্ৰয়ৰ বাবে ভাৰতে আলোচনাৰ অন্তিম পৰ্যায়ত আগবাঢ়িছে, অতি সোনকালে ক্ৰয় চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া