৫ ফেব্ৰুৱাৰীত দিল্লীত ভোটগ্ৰহণ আৰু ৮ তাৰিখে ভোটগণনা
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। নিৰ্বাচন আয়োগে মঙলবাৰে দিল্লীত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে । দিল্লীৰ নিৰ্বাচন একক পৰ্যায়ত অনুষ্ঠিত হ’ব, যাৰ অধীনত ৫ ফেব্ৰুৱাৰীত ৭০খন আসনৰ আটাইকেইখনতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে অহা ৮ ফেব্ৰুৱাৰীত আহিব নিৰ্বা
नई दिल्ली के विज्ञान भवन में मंगलवार को दिल्ली विधानसभा चुनाव की तारीखो का ऐलान करते मुख्य चुनाव आयुक्त राजीव कुमार


নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। নিৰ্বাচন আয়োগে মঙলবাৰে দিল্লীত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে । দিল্লীৰ নিৰ্বাচন একক পৰ্যায়ত অনুষ্ঠিত হ’ব, যাৰ অধীনত ৫ ফেব্ৰুৱাৰীত ৭০খন আসনৰ আটাইকেইখনতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে অহা ৮ ফেব্ৰুৱাৰীত আহিব নিৰ্বাচনৰ ফলাফল।

মঙলবাৰে ইয়াৰ বিজ্ঞান ভৱনত অনুষ্ঠিত সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে তেওঁৰ সহযোগী নিৰ্বাচন আয়ুক্তসকলৰ সৈতে দিল্লী বিধানসভা নিৰ্বাচনৰ কথা ঘোষণা কৰে। তেওঁ জনোৱা মতে, ২০২৫ চনৰ ১০ জানুৱাৰীত নিৰ্বাচনৰ গেজেট অধিসূচনা জাৰি কৰা হ’ব। মনোনয়নৰ অন্তিম তাৰিখ হ’ব ১৭ জানুৱাৰী, ২০২৫। মনোনয়ন পত্ৰৰ তদন্তৰ তাৰিখ হ’ব ১৮ জানুৱাৰী ২০২৫। ২০২৫ চনৰ ২০ জানুৱাৰীলৈকে প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিব পাৰিব। ২০২৫ চনৰ ০৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ আৰু ২০২৫ চনৰ ৮ ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ’ব। কাৰিকৰী দিশটোৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব লাগে।

তেওঁ কয় যে ৰাষ্ট্ৰীয় ৰাজধানীত ১ কোটি ৫৫ লাখ ২৪ হাজাৰ ৮৫৮ জন পঞ্জীয়নভুক্ত ভোটাৰ আছে। ইয়াৰে ৮৩,৪৯,৬৪৫ গৰাকী পুৰুষ ভোটাৰ, ৭১,৭৩,৯৫২ গৰাকী মহিলা ভোটাৰ আৰু ১২৬১ গৰাকী তৃতীয় লিংগ ভোটাৰ। এইসকলৰ ভিতৰত ১৮-১৯ বছৰ বয়সৰ ৫২,৫৫৪ জন ভোটাৰক যোগ কৰা হৈছে, যিয়ে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব।

উল্লেখযোগ্য যে সকলো মূল দলে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা চলাইছে, আনহাতে বিজেপিয়ে ৰাষ্ট্ৰীয় ৰাজধানীত ক্ষমতা দখল কৰিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছেও কঠোৰ যুঁজৰ বাবে প্ৰস্তুতি চলাইছে আৰু আচৰিত ধৰণৰ জয় লাভ কৰাৰ আশা কৰিছে।

একেৰাহে ১৫ বছৰ দিল্লীত শাসন কৰা কংগ্ৰেছে বিগত দুটা বিধানসভা নিৰ্বাচনত এখনো আসন লাভ কৰিব নোৱাৰিলে। ২০২০ চনৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে ৭০ খন আসনৰ ভিতৰত ৬২ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিৰ দৰে পুৰণি আৰু ডাঙৰ দল এটাই মাত্ৰ ৮ খন আসনহে লাভ কৰিব পাৰিছিল।

এইবাৰ আপে ৭০খন আসনৰ আটাইকেইটাতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। কংগ্ৰেছে এই পৰ্যন্ত মুঠ ৪৮ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে শনিবাৰে বিজেপিয়ে ২৯ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande