নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাক আদৰণি জনাইছে। এখন উন্নত দিল্লী সৃষ্টি কৰিব পৰা চৰকাৰ নিৰ্বাচন কৰিবলৈ দিল্লীৰ জনসাধাৰণক আহ্বান জনাইছে দলটোৱে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ছ’চিয়েল মিডিয়াত লিখিছে ইয়াৰ অগ্ৰণী ভূমিকা আছে ইয়াৰ ৰাইজক মই এনে এখন চৰকাৰ নিৰ্বাচন কৰিবলৈ আহ্বান জনাইছো যিয়ে ‘উন্নত দিল্লী’ কৰি জনসাধাৰণৰ অগ্ৰগতিত অৰিহণা যোগাব।” তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত বিজেপি অন্ত্যোদয়ৰ সংকল্পৰে দিল্লীৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি দায়বদ্ধ।
উল্লেখযোগ্য যে মঙলবাৰে ইয়াৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে তেওঁৰ সহযোগী নিৰ্বাচন আয়ুক্তসকলৰ সৈতে দিল্লী বিধানসভা নিৰ্বাচনৰ কথা ঘোষণা কৰে। তেওঁ জনোৱা মতে, ১০ জানুৱাৰীত নিৰ্বাচনৰ গেজেট অধিসূচনা জাৰি কৰা হ’ব। মনোনয়নৰ অন্তিম তাৰিখ হ’ব ১৭ জানুৱাৰী। মনোনয়ন পত্ৰৰ তদন্তৰ তাৰিখ হ’ব ১৮ জানুৱাৰী। ২০ জানুৱাৰীলৈ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিব পাৰিব। ০৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা হ’ব।
২০২০ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত আম আদমী পাৰ্টিয়ে ৭০ খন আসনৰ ভিতৰত ৬২ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ৮ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰায় ডেৰ দশক ধৰি দিল্লীত ক্ষমতাত থকা কংগ্ৰেছে বিগত দুটা বিধানসভা নিৰ্বাচনতো একাউণ্ট খুলিব নোৱাৰিলে। এইবাৰ আপে ৭০খন আসনৰ আটাইকেইটাতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। কংগ্ৰেছে এই পৰ্যন্ত মুঠ ৪৮ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে শনিবাৰে বিজেপিয়ে ২৯ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া