অইলৰ 'বি টি' ২ নম্বৰ বাসগৃহত অভিনৱ কৌশলেৰে সোণৰ আ-অলংকাৰ চুৰি
ডিব্ৰুগড়, ০৬ জানুৱাৰী (হি.স.)। ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আবাসিক অঞ্চলত এক অঘটন সংঘটিত হৈছে। অইলৰ 'বি টি' ২ নম্বৰ বাসগৃহত অভিনৱ কৌশলেৰে সোণৰ আ-অলংকাৰ চুৰি কাৰ্য সংঘটিত হয়। প্ৰায় ১৫ লক্ষাধিক মূল্যৰ সোণৰ আ-অলংকাৰ চুৰি হোৱাৰ পি
চোৰ


ডিব্ৰুগড়, ০৬ জানুৱাৰী (হি.স.)। ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আবাসিক অঞ্চলত এক অঘটন সংঘটিত হৈছে। অইলৰ 'বি টি' ২ নম্বৰ বাসগৃহত অভিনৱ কৌশলেৰে সোণৰ আ-অলংকাৰ চুৰি কাৰ্য সংঘটিত হয়। প্ৰায় ১৫ লক্ষাধিক মূল্যৰ সোণৰ আ-অলংকাৰ চুৰি হোৱাৰ পিচতেই পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

অইলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শংকৰ মহন্ত আবাসগৃহত এই চুৰিৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande