শিৱসাগৰত নাবালিকাৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰি ৰঙাঘৰত সোমাল লম্পট যুৱক  
শিৱসাগৰত এগৰাকী নাবালিকাৰ অশ্লীল ভিডিঅ' , ছবি সামাজিক মাধ্যমত ভাইৰেল কৰি ৰঙাঘৰৰ আলহী হ'ল এটা লম্পট যুৱক । 
শিৱসাগৰত নাবালিকাৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰি ৰঙাঘৰত সোমাল লম্পট যুৱক  


শিৱসাগৰ, ০৭ জানুৱাৰী (হি.স.): শিৱসাগৰত এগৰাকী নাবালিকাৰ অশ্লীল ভিডিঅ', ছবি সামাজিক মাধ্যমত ভাইৰেল কৰি ৰঙাঘৰৰ আলহী হৈছে এটা লম্পট যুৱক । চাহিল খান নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।

জানিব পৰামতে, এবছৰ পূৰ্বে হিন্দু যুৱকৰ নামত ইনষ্ট্ৰাগ্ৰামত একাউন্ট খুলি হিন্দু নাবালিকৰ লগত পৰিচয় হৈছিল চাহিলৰ । অনুজ দত্তৰ নামত ভুৱা একাউন্ট খুলি নাবালিকা গৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে চাহিল খানে। পৰবৰ্তী পৰ্যায়ত ভিডিঅ' কলৰ জৰিয়তে নাবালিকা গৰাকীৰ অশ্লীল ভিডিঅ' ৰেকৰ্ড কৰি ভাইৰেল কৰে চচিয়েল মিডিয়াত। এই তথ্য পোহৰলৈ অহাৰ পিছতে শোকত ভাগি পৰা নাবালিকা গৰাকীৰ অভিভাৱকে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে চাহিল খানক। সদৰ থানাত ৰুজু কৰা ৩/২০২৫ নং গোচৰৰ ভিত্তিত ১৪/১৫ পকচ' আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছতে জেললৈ প্ৰেৰণ কৰে লম্পট চাহিল খানক। অন্যহাতে অশ্লীল ভিডিঅ' সংগ্ৰহ আৰু ভাইৰেল কৰা জঘন্য কাণ্ডত আন দুই যুৱক, এগৰাকী যুৱতী জড়িত থকাৰ কথা সদৰি কৰিছে চাহিল খানে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande