শিৱসাগৰ দিচাংমুখ ৰিৰিয়াৰ ১০ টাকৈ চুৰি কৰা গৰু চোৰক আটক
শিৱসাগৰ দিচাংমুখ ৰিৰিয়াৰ ১০ টাকৈ চুৰি কৰা গৰু চোৰক আটক।
শিৱসাগৰ দিচাংমুখ ৰিৰিয়াৰ ১০ টাকৈ চুৰি কৰা গৰু চোৰক আটক


শিৱসাগৰ, ০৬ জানুৱাৰী (হি.স.): শিৱসাগৰ দিচাংমুখ ৰিৰিয়াৰ ১০ টাকৈ চুৰি কৰা গৰু চোৰক আটক কৰা হৈছে। শিৱসাগৰ ৰিৰিয়াৰ ইমৰাণ আলিৰ ১০ টাকৈ গৰু চোৰে চুৰি কৰি নিছিল। ইয়াৰ পিছতে দিচাংমুখ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। বিগত প্ৰায় কেইদিনমানৰ আগত দেৰগাঁৱত চুৰি হোৱা গৰু কেইটা উদ্ধাৰ হৈছিল।

জানিব পৰা মতে শিৱসাগৰৰ পৰা গৰু কেইটা চুৰি কৰি দেৰগাঁৱৰ হামিদ আলি নামৰ চোৰটোক চমজাই দিয়াৰ পিছত হামিদে ডিমাপুৰত বিক্ৰী কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে গৰু ব্যৱসায়ীৰ সহযোগত অভিযান চলোৱাত ডিমাপুৰৰ ব্যৱসায়ীক টকা ঘূৰাই দি দেৰগাঁৱলৈ উভতাই আনে গৰু কেইটা। দেৰগাঁৱৰ হামিদ আলিৰ ঘৰৰ পৰাই গৰু কেইটা উদ্ধাৰ কৰে যোৱা কিছু দিনৰ পূৰ্বে । যোৱা নিশা শিৱসাগৰ গেলেকিৰ পৰা আটক কৰে লাদেন উৰফে পাপো নামৰ এটা গৰু চোৰক । লাদেনৰ লগতে আৰু তিনি জন চুৰি কাৰ্য্যত থকাৰ অভিযোগ উত্থাপন কৰে গৰু কেইটাৰ মালিক জনে।

উল্লেখযোগ্য যে শিৱসাগৰৰ ডিমৌ মুখৰ ভাই আলি নামৰ এজন মানৱৰূপী দানৱ ব্যক্তিৰ নিৰ্দেশত এই চুৰি কাণ্ড সংঘটিত হৈ থাকে আৰু শিৱসাগৰ জিলাৰ বাহিৰেও আন বহুতো ঠাইত ভাই আলিৰ নেতৃত্বত চুৰি কাৰ্য্য সংঘটিত হৈ আহিছে। আৰক্ষীয়ে লাদেন নামৰ চুৰটোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande