ছত্তীশগড়ত কুটৰু-বেদেৰে পথত  নক্সালবাদীৰ জোৱানৰ বাহনক লক্ষ্য় কৰি আই ই ডি বিস্ফোৰণ
বিজাপুৰ, ০৬ জানুৱাৰী (হি.স.)। সোমবাৰে ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত বিজাপুৰ জিলাৰ কুটৰু পথৰ বেদৰাত নক্সালবাদীয়ে জোৱান কঢ়িয়াই অনা এখন বাহনক লক্ষ্য কৰি বিস্ফোৰণ সংঘটিত কৰে, য’ত বহু জোৱানৰ বলিদান আৰু আঘাতৰ খবৰ পোৱা গৈছে। বস্তৰৰ আই জি সুদৰৰাজ পি.য়ে নিৰা
आईईडी विस्फाेट की फाईल फाेटाे


বিজাপুৰ, ০৬ জানুৱাৰী (হি.স.)। সোমবাৰে ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত বিজাপুৰ জিলাৰ কুটৰু পথৰ বেদৰাত নক্সালবাদীয়ে জোৱান কঢ়িয়াই অনা এখন বাহনক লক্ষ্য কৰি বিস্ফোৰণ সংঘটিত কৰে, য’ত বহু জোৱানৰ বলিদান আৰু আঘাতৰ খবৰ পোৱা গৈছে। বস্তৰৰ আই জি সুদৰৰাজ পি.য়ে নিৰাপত্তাৰক্ষীৰ বাহনখন নক্সালবাদীয়ে বিস্ফোৰণ কৰা বুলি নিশ্চিত কৰিছে ।

আজি পুৱা নক্সালবাদীয়ে আই ই ডি বিস্ফোৰণ কৰি জোৱানৰ বাহনখনৰ ক্ষতিসাধন কৰে। ইয়াত ৭ জন জোৱান শ্বহীদ আৰু কিছু জোৱান আহত হৈছিল বুলি কোৱা হৈছে। জানিব পৰা মতে, দেওবাৰে নাৰায়ণপুৰত সংঘটিত হোৱা এনকাউণ্টাৰৰ পিছত আজি পুনৰ উভতি আহিছিল জোৱান কেইজন। যেতিয়া নক্সালবাদীয়ে এই ঘটনা সংঘটিত কৰিছিল। নাৰায়ণপুৰত সংঘটিত হোৱা এনকাউণ্টাৰৰ পিছত চাৰিদিন হাবিত খোজ কাঢ়ি ভাগৰুৱা হৈ পৰাত জোৱানসকলে এখন পিকআপ গাড়ীত উঠিছিল। জানিব পৰা মতে গাড়ীখনত প্ৰায় ২০ জন জোৱান আছিল।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে সেই স্থানলৈ ৰাওনা হৈছে বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ যাদৱ। আহত জোৱানক উলিয়াই অনাৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande