চেঙাত যুৱতীৰ চিপ লৈ আত্মহত্যা
চেঙাত যুৱতীৰ আত্মহত্যা!
বনৰীয়া ম’হৰ আক্ৰমণত মহিলাৰ মৃত্যু


বৰপেটা, ০৫ জানুৱাৰী (হি.স.): বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চিপ লৈ আত্মহত্যা কৰে এগৰাকী যুৱতীয়ে। আত্মহত্যা কৰা যুৱতীগৰাকী চেঙাৰ বৰচেঙা পাৰাৰ চক্ৰধৰ ডেকাৰ ২০ বছৰীয়া কন্যা অংকিতা ডেকা বুলি জানিব পৰা গৈছে।

শনিবাৰে সন্ধিয়াৰ ভাগত গোহালি ঘৰত প্লাষ্টিকৰ ৰচীৰে চিপ লয় যুৱতীগৰাকীয়ে। যুৱতীগৰাকীক চিপ লোৱা অৱস্থাত পৰিয়ালৰ লোকে দেখা পাই ততালিকে চেঙা আদৰ্শ চিকিৎসালয়লৈ লৈ আহে। যুৱতীগৰাকী বৰপেটা শংকৰদেৱ নেত্ৰালয়ত কৰ্মৰত হৈ আছিল।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হয়।পৰৱৰ্তী সময়ত বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকা উপস্থিত হৈ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে। যুৱতীগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে। কি কাৰণত যুৱতীগৰাকী আত্মহত্যা কৰিব লগা হ'ল সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে আত্মহত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande