ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী
গুৱাহাটী, ২১ জানুৱাৰী (হি.স.)। ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে সমগ্ৰ ভাৰতবৰ্ষতে যোৱা ১৭ জানুৱাৰীৰ পৰা ২
নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী


গুৱাহাটী, ২১ জানুৱাৰী (হি.স.)। ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে সমগ্ৰ ভাৰতবৰ্ষতে যোৱা ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ২০২৫ লৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ বিস্তৃত কাৰ্যসূচী।

এই কাৰ্য্যসূচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা প্ৰশাসনৰ পৰিবহণ বিভাগৰ সহযোগত গুৱাহাটী মহানগৰৰ বিস্তৃত এলেকা উলুবাৰী, ভঙাগড়, গণেশগুৰি, দিশপুৰ ছয়মাইল, ভৰলুমুখ, মালিগাঁও,আদাবাৰী, বশিষ্ঠ, খানাপাৰা, গড়চুক, শিলপুখুৰী, নুনমাটি, আৰ্য নগৰ, নাৰেঙ্গী আৰু পল্টন বজাৰৰ এলেকাত পাচ শতাধিক স্বেচ্ছাসেৱক-সেৱিকা, এন চি চি কেডেট আৰু ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱকসকলে হাতে-হাতে বেনাৰ, প্ৰচাৰ পুস্তিকা আদি লৈ আকৰ্ষণীয় বাটৰ নাটৰ জৰিয়তে পথচাৰীসকলক , যান-বাহনৰ চালক, পৰিচালক, যাত্ৰী লগতে ৰিক্সাচালক, অট'চালক আৰু মটৰ চাইকেল চালক-আৰোহীৰ লগতে সকলোকে যান-বাহন আইনৰ সুৰক্ষা, যান-বাহন আইনৰ বিভিন্ন দিশ,পথ সুৰক্ষা, নিয়ন্ত্ৰণ গতিত যান-বাহন চলোৱা, ট্ৰেফিক চিগনেল মানি চলা, দুচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে হেলমেট পৰিধান কৰা, চাৰিচকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে চিটবেল ব্যৱহাৰ কৰা, চালকে মাদকদ্ৰৱ্য ব্যৱহাৰ কৰি গাড়ী নচলোৱা,যান-বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ নকৰা আদি বিভিন্ন পথ সুৰক্ষাৰ বিষয়ক সচেতনতা সৃষ্টিৰ বাবে আহ্বান জনায়। পথ সুৰক্ষাই জীৱন সুৰক্ষা,যান-বাহনৰ অনিয়ন্ত্ৰিত গতি পৰিহাৰ আদি নীতি সাৰোগত কৰি এখন দূৰ্ঘটনা মুক্ত ৰাজ্য গঢ়াৰ বাবে আহ্বান জনায় ।

স্বেচ্ছাসেৱক - সেৱিকা সকলৰ লগতে গুৱাহাটী পৌৰ নিগমৰ ৩১নম্বৰ মহলাৰ পাৰিষদ ৰত্না সিং আৰু গাণনিক আৰু কাৰ্যসূচী পৰিদৰ্শক জীৱন চন্দ্ৰ দলে উপস্থিত থাকি ৰাইজক সচেতন কৰাৰ লগতে স্বেচ্ছাসেৱক সকলক উৎসাহিত কৰে।এই কাৰ্যসূচীৰ সমান্তৰাল ভাৱে আৰু বহুতো বিস্তৃত কাৰ্যসূচী অহা ২৩ জানুৱাৰীলৈ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত হ'ব আৰু ইয়াত সকলো শ্ৰেণীৰ জনসাধাৰণক সহযোগিতা আগবঢ়োৱাৰ বাবে নেহেৰু যুৱ কেন্দ্ৰ কামৰূপ মহানগৰৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্যই আহ্বান জনায় ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande