তেজপুৰত পহিলা জানুৱাৰীত নাটকৰ দিন, স্মৃতি সঁফুৰাৰ সন্ধান  শীৰ্ষক অনুষ্ঠান
স্মৃতি সঁফুৰাৰ সন্ধানশীৰ্ষক অনুষ্ঠানত নাট্য ইতিহাসৰ সোণসেৰীয়া কথা,নাটকৰ সংলাপ, কবিতা আবৃত্তি আৰু গীতেৰে উদ্ভাসিত নাটকৰ নগৰী তেজপুৰ নটসূৰ্য্যৰ ধমকি খাই মোৰ যাত্ৰা আৰম্ভ হৈছিল -ঐশ্বৰ্য্য কাকতি ধুলুকি বাদকৰ পৰা নিৰ্মল প্ৰভা বৰদলৈ আৰু জয়ন্ত হাজৰিক
পহিলা জানুৱাৰীৰ নাটকৰ দিন


পহিলা জানুৱাৰীৰ নাটকৰ দিন


পহিলা জানুৱাৰীৰ নাটকৰ দিন


পহিলা জানুৱাৰীৰ নাটকৰ দিন


পহিলা জানুৱাৰীৰ নাটকৰ দিন


পহিলা জানুৱাৰীৰ নাটকৰ দিন


পহিলা জানুৱাৰীৰ নাটকৰ দিন


পহিলা জানুৱাৰীৰ নাটকৰ দিন


পহিলা জানুৱাৰীৰ নাটকৰ দিন


পহিলা জানুৱাৰীৰ নাটকৰ দিন


স্মৃতি সঁফুৰাৰ সন্ধানশীৰ্ষক অনুষ্ঠানত নাট্য ইতিহাসৰ সোণসেৰীয়া কথা,নাটকৰ সংলাপ, কবিতা আবৃত্তি আৰু গীতেৰে উদ্ভাসিত নাটকৰ নগৰী তেজপুৰ

নটসূৰ্য্যৰ ধমকি খাই মোৰ যাত্ৰা আৰম্ভ হৈছিল -ঐশ্বৰ্য্য কাকতি

ধুলুকি বাদকৰ পৰা নিৰ্মল প্ৰভা বৰদলৈ আৰু জয়ন্ত হাজৰিকাৰ সান্নিধ্যৰে গীতিকাৰ -সুৰকাৰলৈ ৰূপান্তৰ হ'ল বংকিম শৰ্মা

ভোটাৰ পোহৰৰ পৰা বিদ্যুৎ ব্যৱহাৰলৈকে নাটকত আলোক সম্পাতৰ অজানা কাহিনী সদৰি কৰিলে প্ৰবীণ আলোক শিল্পী, প্ৰখ্যাত কলা নিৰ্দেশক কুমুদ বৰুৱাই

পুনৰ প্ৰদান কৰা হ'ব কিৰণময়ী বৰা সোঁৱৰণী মঞ্চাভিনেত্ৰী বঁটা ,

শোণিতপুৰ, ০২ জানুৱাৰী (হি.স)। তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নাটশিল্প ক্ষেত্ৰখনৰ গৰিষ্ঠ সংখ্যকেই অংশ গ্ৰহণ কৰা নাটকৰ সংলাপ, গীত, কবিতা আবৃত্তি আৰু নাটশিল্পৰ সোণসেৰীয়া কথাৰে পহিলা জানুৱাৰীৰ সন্ধিয়া ৫ বজাৰ পৰা নিশা ৮ বজালৈকে জীপাল হৈ পৰিল তেজপুৰ মুঢ়াতেতেলীৰ মহবুব ষ্টুডিঅ । উল্লেখ্য তেজপুৰৰ জে বি প্ৰডাকচনৰ ১৬ সংখ্যাক নাটকৰ দিনৰ বুধবাৰৰ মনোৰম অনুষ্ঠানটিত নাটশিল্পৰ সৈতে জড়িত তিনিগৰাকীকৈ প্ৰবীণ শিল্পী ক্ৰমে বিশিষ্ট নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য্য কাকতি, প্ৰবীণ আলোক শিল্পী, কলা নিৰ্দেশক তথা চিত্ৰ -ভাস্কৰ্য্য শিল্পী কুমুদ বৰুৱা আৰু প্ৰবীণ গীতিকাৰ-সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই স্মৃতি সঁফুৰাৰ সন্ধান শীৰ্ষক বিষয়ত তাহানিৰ পৰা সাম্প্ৰতিক সময়লৈকে তেজপুৰ তথা জিলাখনৰ নাটশিল্প ক্ষেত্ৰখনৰ সোণসেৰীয়া বহু অজানা কথাৰে সমগ্ৰ অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে ।

জে বি প্ৰডাকচনৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা মনোৰম অনুষ্ঠানটি মাংগলিক পৰিৱেশত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে প্ৰবীণ কন্ঠশিল্পী তথা সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি বঁটা প্ৰাপক সচ্চিদানন্দ বৰাই। জে বি প্ৰডাকচনৰ সভাপতি ,চলচ্চিত্ৰ প্ৰযোজক তথা বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্ৰ মোহন দাসৰ সৈতে তিনিগৰাকী বক্তা ঐশ্বৰ্য্য কাকতি, বংকিম শৰ্মা আৰু কুমুদ বৰুৱাৰ জৰিয়তে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই সভাপতি ডা০ গোপেন্দ্ৰ মোহন দাসে আদৰণী ভাষণ প্ৰদান কৰি নাট্য কলাৰ বিভিন্ন দিশ আলোকপাত কৰাৰ পিছত প্ৰথমগৰাকী বক্তা বিশিষ্ট নাট্যকাৰ -পৰিচালক ঐশ্বৰ্য্য কাকতিয়ে শিশু অৱস্থাৰ পৰা বৰ্তমানলৈকে তেজপুৰৰ নাটশিল্প ক্ষেত্ৰখনৰ বহু অজানা দিশৰ লগতে নিজৰ দীঘলীয়া নাট্য পৰিক্ৰমা সদৰি কৰে ।

সৰুতেই বাণ থিয়েটাৰত প্ৰথম নাটক কৰিবলৈ লওঁতে বলীনদা অৰ্থাৎ ফণী শৰ্মাৰ ধমক খোৱা আৰু পৰৱৰ্তী সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ মৰম তথা সঁহাৰিৰে ইখনৰ পিছত সিখন নাটকত অভিনয় কৰি শিশু নাট ৰচনা আৰু পৰিচালনাৰে ৰাজ্যিক-ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চ গৰকীবলৈ সক্ষম হৈ বহু পুৰস্কাৰ লাভ কৰাৰ পিছত নিজৰ ২ নৱেম্বৰৰ ওপজা দিনত ধাৰাবাহিকভাৱে একোখনকৈ নাটক ৰচনা আৰু পৰিচালনা কৰি দৰ্শকক উপহাৰ দি আহিছে তাৰ সবিশেষ পৰিক্ৰমা আলোকপাত কৰে।

বিশিষ্ট শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথ,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতি,অসমীয়া ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অৰুণা দেৱী ,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা, বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস,সাধাৰণ পৰিচালক ভূপেন শৰ্মা, জ্যেষ্ঠ অভিনেতা মনোৰঞ্জন মহন্ত, তিলক চন্দ্ৰ নাথ, প্ৰহ্লাদ তালুকদাৰ, জনপ্ৰিয় অভিনেতা অচ্যুত শৰ্মা, নাট্যকাৰ -পৰিচালক দিগন্ত কুমাৰ ভূঞা, উদীয়মান অভিনেতা উজ্জ্বল শইকীয়া, বিপ্লৱ শৰ্মা, শশাঙ্ক বৰা, মুনমী বৰা, নাট্যকাৰ-পৰিচালক পুলক কুমাৰ ডেকা, অভিনেতা গৌতম পাঠক, সংগীতশিল্পী সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, সীমান্ত কাকতিকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত মনোৰম অনুষ্ঠানটিত উদীয়মান গায়িকা অন্বেষা কাঞ্চন বৰাই সুধাকণ্ঠৰ শাৰদী ৰাণী তোমাৰ হেনো নাম আৰু এটি গজল পৰিৱেশনেৰে সুমধুৰ কৰি তোলাৰ লগতে প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতাই ৰুদ্ৰ বৰুৱাৰ এটি বনগীতৰ উপৰি ডা০ অংকুৰ গোপেন্দ্ৰ দাস আৰু নূপুৰ গোপেন্দ্ৰ দাসেও একোটিকৈ গীতেৰে সুমধুৰ কৰি তোলে।

আনহাতে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়াই শকুনিৰ প্ৰতিশোধ নাটকৰ সংলাপ, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে প্ৰয়াত দীপক মহন্ত অভিযোজিত আৰু পৰিচালিত সাউলি মিত্ৰৰ বিশ্ব বিখ্যাত নাটক নাথবতী অনাথবত শীৰ্ষক নাটকত নিজে পৰিৱেশন কৰা এটি গীত আৰু তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা কবি দেৱব্ৰত শৰ্মাই তেজপুৰৰ ওপৰত ৰচনা কৰা এটি কবিতা আবৃত্তিৰে নাটকৰ দিনৰ সমগ্ৰ পৰিৱেশটি জীপাল কৰি তোলে।

উল্লেখ্য যে জে বি প্ৰডাকচনৰ সম্পাদক তথা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী ডা০ জাহানাৰা বেগমে ধাৰাবাহিক ভাৱে পহিলা জানুৱাৰীৰ দিনটোত নাটকৰ দিন উদযাপন কৰি অহাৰ প্ৰসংগ আলোকপাত কৰি শলাগ জ্ঞাপন কৰি কভিডকালীন সময়ৰ পৰা নাটকৰ দিন উপলক্ষে প্ৰদান কৰি অহা জে বি প্ৰডাকচনৰ কিৰণময়ী বৰা সোঁৱৰণী শ্ৰেষ্ঠ মঞ্চাভিনেত্ৰী বঁটা ২০২৫ বৰ্ষৰ পৰা পুনৰ প্ৰদানৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে জে বি প্ৰডাকচনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত প্ৰয়াত শিল্পী হেমন্ত কুমাৰ বৰুৱাক স্মৰণ কৰি বিশিষ্ট গীতিকাৰ-সুৰকাৰ বংকিম শৰ্মাক জে বি প্ৰডাকচনৰ এটি শীৰ্ষ গীত ৰচনা কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানটিত প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰাই বংকিম শৰ্মাই ৰচনা কৰা এটি পুৰণি বিখ্যাত গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে । মনোৰম অনুষ্ঠানটিত আলোক শিল্পী তথা কলা নিৰ্দেশক কুমুদ বৰুৱা আৰু বংকিম শৰ্মাই নাটশিল্পৰ স্মৃতি বিজড়িত বহু অজানা কথাৰে সমগ্ৰ পৰিৱেশটি মধুময় কৰি তোলে ।

কুমুদ বৰুৱাই তাহানিতেই নামঘৰৰ ভাওনাত ভোটা জ্বলাই কেনেকৈ পোহৰৰ সৃষ্টি কৰিছিল সেই কথা অৱগত কৰি কোমোৰা এটা মাজে মাজে দীঘল কৈ ফালি মাজটো খালি কৰি শলা এডালত এৱাসূতা মেৰিয়াই কোমোৰাটোৰ মাজত গুজি দি তেল দি জ্বলাই পোহৰৰ ব্যৱস্থা কৰা,তাৰ পৰৱৰ্তী সময়ত দে' লাইট অৰ্থাৎ কেৰাচিন তেলৰ ওভোটা লাইটৰ ব্যৱহাৰ অৰ্থাৎ টেংকিটো ওপৰত জ্বলা অংশ তলত থকাৰ কথা, হেচেক লাইট বা মেন্ঠেল লাইটৰ ব্যৱহাৰ । দে' লাইটৰ দৰেই তেলৰ টেংকি টো তলফালে থাকে তেতিয়া । ইয়াৰ পিছতেই বিজুলি বাতি অহাৰ পিছত মঞ্চৰ আগফালে তলত তিনিটা ওপৰত তিনিটা ফিক্স লাইট পোহৰৰ সালসলনি কৰিব নোৱৰাকৈ ব্যৱহাৰ কৰা, পাছলৈ সাধাৰণ বিজুলী বাটিত (৫০০/১০০০ পাৱাৰৰ) ৰিফলেক্টৰ অগা-পিছা কৰি আৰু ৰঙিল কাগজ ব্যৱহাৰ কৰি পোহৰৰ সালসলনি কৰাৰ ব্যৱস্থা লগতে পৰৱৰ্তী সময়ত টিঙৰ বডি বনাই হেল'জেন লাইট ব্যৱহাৰ কৰা আৰু পোহৰৰ সালসলনিৰ বাবে প্লাষ্টিকৰ বাল্টিত পানীলৈ প্ৰথমে ৱাটাৰ ডিমাৰ আৰু তাৰ পিছত Rheostat ৰ সহায়ত কাৰেন্ট ৰেজিষ্টেঞ্চ কৰি পাছলৈ Potencio meter বজাৰলৈ আহিল এই মিটাৰৰ দ্বাৰা voltage droop কৰি পোহৰৰ সালসলনি কৰাৰ কৌশলৰ কথা সদৰি কৰি বৰ্ত্তমান electronic divice হ'ল। LED bulb ওলাল সকলো আধুনিক হ'ল বুলি মন্তব্য কৰে ।

আনহাতে বিশিষ্ট গীতিকাৰ-সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই বিভিন্ন নাটকৰ সংগীতৰ সৈতে কেনেদৰে জড়িত হৈ আছিল সেই কথা সদৰি কৰি প্ৰথমে এগৰাকী লেডাৰিষ্ট অৰ্থাৎ নাল, ধুলুকি বজোৱা লোকৰ পৰা এগৰাকী গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰিলে সেই কথা অৱগত কৰে । বিদ্যালয়ত পঢ়ি থাকোতেই সহপাঠি উৎপল ভট্টই এটি গীত লিখিবলৈ কোৱাৰ পিছত গীতটি সকলোৱে ভাল পোৱাত ধাৰাবাহিকভাৱে গীত লিখি এসময়ত নিৰ্মল প্ৰভা বৰদলৈ আৰু জয়ন্ত হাজৰিকাৰ ঘনিষ্ঠ সান্নিধ্যৰে গীত লিখাৰ ক্ষেত্ৰত অধিক অনুপ্ৰাণিত হৈ বৰ্তমানলৈকে সহস্ৰাধিক গীত ৰচনা কৰাই নহয় অসমৰ বহু জনপ্ৰিয় কন্ঠশিল্পীয়ে তেওঁৰ গীতত কণ্ঠদান কৰাৰ প্ৰসংগৰ পৰা তেজপুৰৰ বহুকেইটা সামাজিক অনুষ্ঠানৰ শীৰ্ষ গীত তেঁৱেই ৰচনা কৰাৰ গৌৰৱৰ অধিকাৰী হৈছে বুলি মন্তব্য কৰি ডা০ জাহানাৰা বেগমৰ অনুৰোধৰ পিছত জে বি প্ৰডাকচনৰো শীৰ্ষ গীত ৰচনা কৰি অহা বৰ্ষৰ নাটকৰ দিনত উন্মোচন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখ্য যে অনুষ্ঠানটিত তাহানিৰ নাটকৰ আলোক সম্পাতৰ সোণসেৰীয়া কথা প্ৰবীণ আলোক শিল্পী কুমুদ বৰুৱাই সদৰি কৰাৰ পিছত অনুষ্ঠানটিত উপস্থিত সকলোৱে সেই কথাখিনিৰ ওপৰত এখন গ্ৰন্থ ৰচনা কৰিবলৈ কুমুদ বৰুৱাক অনুৰোধ জনোৱাত অচিৰেই গ্ৰন্থখনৰ ৰচনাৰ কামত হাত দি অহা বৰ্ষৰ নাটকৰ দিনত উন্মোচন কৰাৰ কথা ঘোষণা কৰাত উল্লাসিত হৈ পৰে উপস্থিত সকলো লোক ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande