শোণিতপুৰ, ০৪ জানুৱাৰী (হি.স.)। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (ইউ বি), অসম কমাণ্ডো বেটেলিয়নৰ উপ-পৰিদৰ্শক (এবি), এপিআৰঅ'ত আৰক্ষীৰ উপ পৰিদৰ্শক (যোগাযোগ) আৰু ডিজিচিডি আৰু চিজিএইচজি, অসমৰ অধীনত সহকাৰী উপ-নিয়ন্ত্ৰক, অসামৰিক প্ৰতিৰক্ষক (জুনিয়ৰ) নিযুক্তিৰ বাবে আগন্তুক ৫ জানুৱাৰী, ২০২৫ তাৰিখে শোণিতপুৰৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া সংযুক্ত লিখিত পৰীক্ষাৰ সময়ত শান্তি আৰু অনুশাসন বজাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ শ্ৰী অংকুৰ ভৰালীয়ে শোণিতপুৰ জিলাৰ সকলো পৰীক্ষা কেন্দ্ৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS), ২০২৩’ৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে।
এই নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ ভিতৰত – পৰীক্ষাত অৱতীৰ্ণ হোৱা বৈধ এডমিট কাৰ্ডত যথাযথভাৱে কৰ্তৃপক্ষৰ স্বাক্ষৰ থকা প্ৰাৰ্থী, পৰীক্ষাৰ সৈতে জড়িত তত্বাৱধায়ক, কৰ্মচাৰী আৰু পৰীক্ষাকাৰী দল, আইন-শৃংখলা তথা অত্যাৱশ্যকীয় সেৱাসমূহৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত চৰকাৰৰ সংস্থাসমূহ আৰু পৰীক্ষা পৰিচালনাত নিয়োজিত যিকোনো চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ব্যতিৰেকে অন্য লোকৰ উপস্থিতিত বাধা আৰোপ কৰা হৈছে।
ইয়াৰোপৰি পৰীক্ষাৰ সময়ছোৱাত কৰ্তব্যৰত তথা অনুমোদিত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন পাৰ্কিং আৰু চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।
লগতে অনুমোদিত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন, কেলকুলেটৰ আৰু আন যিকোনো ইলেক্ট্ৰনিক যোগাযোগৰ সজুঁলি যেনে ব্লুটুথ যন্ত্ৰ (Device), স্মাৰ্টৱাচ, ইয়াৰফোন আদি লগত আনিব নোৱাৰিব ।
আনহাতে পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত দৈনিক বজাৰকে ধৰি কোনো খাদ্যৰ বিপণি, দোকান খোলাৰ অনুমতি দিয়া নহ'ব আৰু পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তিয়ে আবণ্টিত আসনত বহিবলৈ পৰীক্ষাৰ্থীক পথ প্ৰদৰ্শন কৰিব নোৱাৰিব।
এই নিৰ্দেশাৱলী পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত সকলোৰে দৃষ্টি গোচৰ হোৱাকৈ প্ৰদৰ্শিত হ'ব লাগিব আৰু এই আদেশ ০৫/০১/২০২৫ তাৰিখে পুৱা ০৬:০০ বজাৰ পৰা বলৱৎ কৰা হৈছে আৰু পৰীক্ষা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে কাৰ্যকৰী হৈ থাকিব আৰু এই আদেশ উলঙ্ঘা কৰিলে বিএনএচ (BNS) ৰ ২২৩ ধাৰাৰ অনুসৰি শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ