আমাক ফ্ৰী বস্তু  নালাগেঃ এই মন্তব্য জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ 
শোণিতপুৰ, ০৬ জানুৱাৰী (হি.স.)। “অসমীয়া ল'ৰাই বৰ চিঞৰে ৷ চিঞৰিবই লাগিব ৷ নিচিঞৰাবোৰ চবজি ৷দে’ আৰ ভেজিটেবল ৷ আমি চিঞৰিম ৷ আমি টাইগাৰ ৷” -এই মন্তব্য জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ। তেজপুৰত দেওবাৰে নিশা স্থানীয় শ্বহীদ বাকৰিত আয়োজিত এক সাংস্কৃতিক কাৰ
আমাক ফ্ৰী বস্তু  নালাগেঃ এই মন্তব্য জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ 


শোণিতপুৰ, ০৬ জানুৱাৰী (হি.স.)। “অসমীয়া ল'ৰাই বৰ চিঞৰে ৷ চিঞৰিবই লাগিব ৷ নিচিঞৰাবোৰ চবজি ৷দে’ আৰ ভেজিটেবল ৷ আমি চিঞৰিম ৷ আমি টাইগাৰ ৷” -এই মন্তব্য জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ। তেজপুৰত দেওবাৰে নিশা স্থানীয় শ্বহীদ বাকৰিত আয়োজিত এক সাংস্কৃতিক কাৰ্যসূচীত অংশলৈ জুবিনে এই মন্তব্য কৰে। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পীগৰাকীয়ে চৰকাৰৰ বিনামূলীয়া যোগানক লৈও আক্ষেপ ব্যক্ত কৰে। ইয়াৰ বাবে স্বয়ং সংগ্ৰাম তথা কৰ্মত লিপ্ত হৈ পৰিব বুলিও কয়।

গীতৰ মাজে মাজে ৰাইজৰ আগত জুবিনে ঘোষণা কৰে-“আমি সংগ্ৰাম কৰিম ৷ আমি নিজে খেতি কৰিম ৷ নিজে খাম ৷ ন’ ফ্ৰী ৷ যি চৰকাৰেই নহওক আই ডুনত কেয়াৰ ৷ ফ্ৰী বস্তু নালাগে ৷” মুকলি মঞ্চত সংগীত পৰিৱেশন কৰাৰ মাজতে জুবিনৰ আক্ষেপ “মোক বহু পলিটিচিয়ানে বুজি নাপায় ৷ মোৰ চিন্তাবোৰ অলপ লেফ্টিষ্ট ৷” গানৰ প্ৰসংগৰ পৰা চাইকেলৰ প্ৰসংগ উত্থাপন কৰি জুবিনে আৰু কয় যে তেওঁ ১৭ জানুৱাৰীৰ পৰা পুনৰ ছবি নিৰ্মাণৰ কাম হাতত ল'ব ৷

ছবি নিৰ্মাণৰ কাম হাতত লোৱা বাবেই তেজপুৰৰ অনুষ্ঠানেই শেষ অনুষ্ঠান হ'ব বুলি লগতে উল্লেখ কৰে জুবিনে ৷ কাঞ্চনজংঘা ছবিৰ শ্বুটিঙৰ প্ৰসংগ উল্লেখ কৰি জুবিনে তেজপুৰ প্ৰিয় ঠাই আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ বুলি কয় যদিও পূৰ্বৰ পৰিস্কাৰ চহৰৰ আখ্যা পোৱা তেজপুৰ লেতেৰা হৈছে আৰু পৰিস্কাৰ কৰি ৰখাটো আপোনালোকৰ দায়িত্ব বুলিও তেজপুৰবাসীক আহ্বান জনায় ৷

মঞ্চত গীত পৰিৱেশনৰ অন্তত দৰ্শকলৈ নিজ হাতৰ সৰু গীতাৰখন দলিয়াই দিয়ে জুবিনে ৷ উল্লেখ্য যে, তেজপুৰত শনি আৰু দেওবাৰে নিশা শ্বহীদ বাকৰিত অনুষ্ঠিত হয় “বাঁহি—মিউজিক ফেষ্টিভেল” নামৰ সাংগিতিক কাৰ্যসূচী ৷ শনিবাৰে নিশা দীপলিনাই গীত পৰিৱেশন কৰাৰ পিছত দেওবাৰে নিশা গীত পৰিৱেশন কৰে জুবিন গাৰ্গে ৷ হিম চেঁচা শীতকো নেওচি সহস্ৰাধিক অনুৰাগীয়ে উপভোগ কৰে জুবিনৰ সংগীতানুষ্ঠান ৷ এটা সুৰা কোম্পানীৰ দ্বাৰা আয়োজিত বাঁহী শীৰ্ষক সংগীতানুষ্ঠানত জুবিনে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত পৰিৱেশন কৰাৰ মাজতে বহু কথা ব্যক্ত কৰে জনপ্ৰিয় কণ্ঠ শিল্পীজনে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande