নগাঁও, ০৮ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ ফাঁকলিত ব্ৰজপাত পৰি তাল গছ এডাল জ্বলি উঠে। ফাঁকলী ঈদগাহৰ ফিল্ডৰ কাষত থকা তাল গছত ব্ৰজপাত পৰি হঠাৎ জুই লগাত ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয়।
অৱশ্য়ে এই ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ওচৰতে থকা বজনবসতি অঞ্চল। মঙলবাৰে নিশাৰ ভাগত অহা এজাক বৰষুণ শিলৰ মাজতে পৰিল ব্ৰজপাত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ