তেজপুৰত অত্যাধুনিক ‘ পুথিভড়াঁল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ’ উদ্ঘাটন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাৰ
শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.)। তেজপুৰৰ ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান’ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডা পোন প্ৰথম বাৰৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ অত্যাধুনিক ‘ পুথিভড়াঁল আৰু তথ্য বিজ্ঞান ক
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডা , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ অত্যাধুনিক ‘ পুথিভড়াঁল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ’ উদ্ঘাটন ৷


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডা , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ অত্যাধুনিক ‘ পুথিভড়াঁল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ’ উদ্ঘাটন ৷


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডা , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ অত্যাধুনিক ‘ পুথিভড়াঁল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ’ উদ্ঘাটন ৷


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডা , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ অত্যাধুনিক ‘ পুথিভড়াঁল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ’ উদ্ঘাটন ৷


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডা , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ অত্যাধুনিক ‘ পুথিভড়াঁল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ’ উদ্ঘাটন ৷


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডা , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ অত্যাধুনিক ‘ পুথিভড়াঁল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ’ উদ্ঘাটন ৷


শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.)। তেজপুৰৰ ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান’ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডা

পোন প্ৰথম বাৰৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷

অত্যাধুনিক ‘ পুথিভড়াঁল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ’ উদ্ঘাটন ৷

ব্ৰিটিছ আমোলত ১৮৭৬ত তেজপুৰত স্থাপিত মানসিক চিকিৎসালয় আৰু পৰৱৰ্তীকালত ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান’ হিচাপে নামকৰণ কৰা দেশৰ অগ্ৰণী তথা উন্নতমানৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি সংযোজিত হ’ল এখন আটকধুনীয়া আৰু অত্যাধুনিক পুথিভড়াঁল আৰু তথ্য বিজ্ঞান কেন্দ্ৰ ৷ উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ১২ কোট টকা ব্যয় সাপেক্ষে নৱনিৰ্মীত আটকধুনীয়া আৰু অত্যাধুনিক ‘পুথিভড়াঁল আৰু তথ্যবিজ্ঞান কেন্দ্ৰ’ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সাৰ আৰু ৰসায়ন দপ্তৰৰ মন্ত্ৰী জগত প্ৰকাশ নড্ডাই আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ লক্ষ্যণীয় যে, তেজপুৰৰ এই ১৪৯বছৰীয়া মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ এই উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ সাংসদ ৰঞ্জিত দত্ত, তেজপুৰৰ বিধায়ক প্বথ্বিৰাজ ৰাভা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু বৰচলাৰ বিধায়ক গণেশ লিম্বুও উপস্থিত থাকে ৷ ভাৰত চৰকাৰৰ অধীনস্থ তেজপুৰৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী নড্ডাই নৱনিৰ্মীত কেন্দ্ৰটো ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধনৰ কৰাৰ পিচতেই প্ৰতিষ্ঠানটোৰ পৰিচালনা সমিতিৰ স’তে ৰূদ্ধদ্বাৰ বৈঠকত মিলিত হৈ কামকাজৰ পৰ্য্যালোচনা কৰাৰ লগতে অগ্ৰগতিৰ বুজ লয় ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী সিংহলসহ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠানটোৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডাঃ জ্যোতি হাজৰিকা , উপ- সঞ্চালক ডাঃ হেমন্ত দত্ত, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক প্ৰধান ডাঃ অতুল গোৱেল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্ত সমন্বিতে ‘ব’ৰ্ড অৱ গভৰ্নছ’ৰ সদস্যসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই পৰ্য্যালোচনা সভাত সমিতিৰ তৰফৰ পৰা উপস্থাপন কৰা প্ৰস্তাৱসমূহৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী নড্ডাই সঁহাৰি জনায় ৷ তদুপৰি প্ৰতিষ্ঠানখন অধিক বিকাশসাধন কৰাৰ উদ্দেশ্যে প্ৰকল্প প্ৰস্তুত কৰি বিভাগীয়ভাৱে প্ৰদান কৰিবলৈও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বৰ্ড অৱ গভৰ্ণছক পৰামৰ্শ আগবঢ়ায় ৷ উল্লেখ্য যে, আজি তেজপুৰৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানটোত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গৰাকীক গায়ন-বায়নসকলৰ দ্বাৰা উষ্ম আদৰণি জনোৱা হয় ৷

প্ৰকাশ যে, বিভিন্ন কাৰণবশতঃ নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানটোত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজি মঙলদৈ আৰু গুৱাহাটীতো দুটা বিশেষ কাৰ্যসুচীত অংশ গ্ৰহণ কৰিবলগীয়া হেতু সময়ৰ অভাৱত উদ্বোধনী ভাষণ প্ৰদানৰ পৰা বিৰত থাকে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰ পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নড্ডাই স্থানীয় সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত তেজপুৰৰ এই মানসিক স্বাস্থ্য প্ৰতিষ্ঠানটো অধিক তীব্ৰ গতিৰে অগ্ৰসৰ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ আজি ব’ৰ্ড অৱ গভৰ্ণছৰ বৈঠকত উপস্থাপন কৰা সকলো প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনোৱা হৈছে ৷ অনাগতদিনত এই প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰা হ’ব আৰু এই প্ৰতিষ্ঠানটো আৰু তীব্ৰ গতিত আগুৱাই যাব বুলিও কেন্দ্ৰীয় মন্ত্ৰী নড্ডাই আশা ব্যক্ত কৰে ৷ স্মৰ্তব্য যে, বৃটিছৰ আমোলত ১৮৭৬চনত মানসিক ৰোগীৰ চিকিৎসাৰ বাবে তেজপুৰত স্থাপিত স্বাস্থ্য প্ৰতিষ্ঠানখনত বৰ্তমান ৰোগীৰ বাবে বিছনাৰ সংখ্যা ৩৭৬খন।১৯৮৯ চনত অসম চৰকাৰে এই মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান হিচাপে নামকৰণ কৰা হয় ।

১৯৯৯ত উত্তৰ পূৱ পৰিষদে প্ৰতিষ্ঠানখন পৰিষদৰ অধীনলৈ নিয়াৰ পিছত মানসিক ৰোগীৰ চিকিৎসাৰ লগতে ২০০০চনত মানসিক চিকিৎসাৰ ডিপ্লোমা পাঠ্যক্ৰম আৰম্ভ হয়। পৰৱৰ্তী পৰ্য্যায়ত ২০০৬ত ডি এন বি, আৰম্ভ হোৱা প্ৰতিষ্ঠানখন ২০০৭বৰ্ষত ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰনালয়ৰ অধীনলৈ যায় আৰু ২০০৭ত এম এছ ছি নাৰ্ছিং আৰু ২০১০চনৰ পৰা ১১খন আসনৰে মানসিক চিকিৎসাৰ এম ডি পাঠ্যক্ৰম আৰম্ভ হোৱাত আন এক অধ্যায়ৰ সূচনা হয়। আনহাতে, আজি স্বাস্থ্য প্ৰতিষ্ঠানখনত অত্যাধুনিক গ্ৰন্থাগাৰ আৰু তথ্য কেন্দ্ৰ মুকলি কৰাৰ লগে লগে ছাত্ৰ ছাত্ৰী সকল নিশ্চিতভাৱে উপকৃত হ'ব বুলি আশা কৰা হৈছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande