স্বৰ্গদেউ সৰ্বনন্দ সিংহ সোঁৱৰণি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত অসম আৰক্ষী দলৰ জয়লাভ
ডিব্ৰুগড়, ০৯ জানুৱাৰী (হি.স.)। ক্ৰীড়া প্ৰেমীৰ অভূতপূৰ্ব সহযোগীতা আৰু সহায়ৰ অন্তত বুধবাৰে নিশা সামৰণি পৰিল মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি সৰ্বভাৰতীয় পৰ্য্যায়ৰ আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা। সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগ
স্বৰ্গদেউ সৰ্বনন্দ সিংহ সোঁৱৰণি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত অসম আৰক্ষী দলৰ জয়লাভ


ডিব্ৰুগড়, ০৯ জানুৱাৰী (হি.স.)। ক্ৰীড়া প্ৰেমীৰ অভূতপূৰ্ব সহযোগীতা আৰু সহায়ৰ অন্তত বুধবাৰে নিশা সামৰণি পৰিল মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি সৰ্বভাৰতীয় পৰ্য্যায়ৰ আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা। সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত, মটক স্পৰ্টছ ক্লাব আৰু ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সহযোগত, সৰ্বভাৰতীয় ফুটবল সন্থাৰ অনুমোদনত, অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় মিলনজ্যোতি সংঘ, ডিব্ৰুগড় নগৰ মটক যুৱ-ছাত্ৰ সন্মিলন তথা বাণীপুৰ পূৰ্বাঞ্চল নৱজ্যোতি সংঘৰ আতিথ্যত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

স্বৰ্গদেউ সৰ্বনন্দ সিংহ সোঁৱৰণি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল খন অসম আৰক্ষী আৰু গোসাইগাঁও গ্লবেল এফ চিৰ মাজত অনুষ্ঠিত হয় ।

লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই চূড়ান্ত খেলখন উদ্বোধন কৰা পাছতে আৰম্ভ হয় তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন। কেইবা হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত খেলখনত ২-১ গলৰ ব্যৱধানত গোসাইগাঁও গ্লবেল এফ চিক পৰাস্ত কৰি অসম আৰক্ষী বিজয়ী হয়।এই অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande