দুৰামাৰীত পাচঁটাকৈ বাসগৃহ জ্বলাই দিলে উত্তেজিত গঞা ৰাইজে 
কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলাৰ দুৰামাৰীত আজি পাচঁটাকৈ বাসগৃহ জ্বলাই দিলে উত্তেজিত গঞা ৰাইজে ৷ উত্তেজিত ৰাইজে দুৰামাৰী টাবুৰ চৰ গাওঁৰ ছাহজাহান সেখ,মইদুল সেখ,ছানোৱাৰ সেখ,আমজাদ আলি,ছুৰমান আলি আৰু হেকাইপাৰা গাওঁৰ আসাদ আলী আকন্দৰ ঘৰ জ্বলাই
দুৰামাৰীত পাচঁটাকৈ বাসগৃহ জ্বলাই দিলে উত্তেজিত গঞা ৰাইজে 


কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলাৰ দুৰামাৰীত আজি পাচঁটাকৈ বাসগৃহ জ্বলাই দিলে উত্তেজিত গঞা ৰাইজে ৷ উত্তেজিত ৰাইজে দুৰামাৰী টাবুৰ চৰ গাওঁৰ ছাহজাহান সেখ,মইদুল সেখ,ছানোৱাৰ সেখ,আমজাদ আলি,ছুৰমান আলি আৰু হেকাইপাৰা গাওঁৰ আসাদ আলী আকন্দৰ ঘৰ জ্বলাই দিয়ে ৷

গঞা ৰাইজে অভিযোগ কৰা মতে উল্লেখিত লোক কেইজনে বিভিন্ন সময়ত গৰু চোৰ কৰি গাওঁ আৰু জাতিটোৰ বদনাম কৰি আহিছে ৷ সেয়ে কেইবাখনো গাওঁৰ ৰাইজে একত্ৰিত হৈ তেওঁলোকৰ ঘৰ জ্বলাই দিয়া বুলি সদৰি কৰিছে ৷ গঞা ৰাইজে এনেদৰে আইন হাতত তুলি লৈ ঘৰ জ্বলাই দিয়াত অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক ছত্ৰভঙ্গ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande