গুৱাহাটী, ০৬ জানুৱাৰী (এইচ এছ)। ডিমা হাচাও জিলাৰ উমৰাংছুত অসম-মেঘালয় সীমান্তত অৱস্থিত অসম কয়লা খনিত সংঘটিত দুৰ্ঘটনাৰ ফলত খনিটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিৰাপদে উদ্ধাৰৰ বাবে সংশ্লিষ্ট সংস্থাসমূহক সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে।
লগতে মুখ্যমন্ত্রীয়ে আৰক্ষী অধীক্ষক, জিলা উপায়ুক্ত আৰু মন্ত্রী কৌশিল ৰাজ্যক অনতিপলমে ঘটনাস্থলীলৈ পঠিয়াবলৈও নির্দেশ দিছে ৷
মন কৰিবলগীয়া যে উমৰাংছুত অৱস্থিত ৩০০ ফুট দ কয়লা খনিটোত খননৰ কামৰ সময়ত হঠাতে আজি বানপানীত বুৰ গৈছে। যাৰ বাবে খনিৰ ভিতৰত কাম কৰা শ্ৰমিকসকল আবদ্ধ হৈ পৰে। খনিটোত আবদ্ধ শ্ৰমিকৰ সংখ্যা প্ৰায় ১০ৰ পৰা ১৫জন হ’ব পাৰে বুলি জানিব পৰা গৈছে। খনিটো প্ৰায় ১০০ ফুট পানীৰে ভৰি আছে। শ্ৰমিকসকলক উলিয়াই নিয়াৰ বাবে সাহায্য আৰু উদ্ধাৰৰ কাম অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ