সমাজকৰ্মী প্ৰয়াত মীনা আগৰৱালাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মনোমোহা সাংস্কৃতিক অনুষ্ঠান
-বিশিষ্ট অগ্ৰণী সমাজকৰ্মী প্ৰয়াত মীনা আগৰৱালাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি--সত্ৰীয়া শৈলীৰ নৃত্য-গীতৰ সমাহাৰ -বিশিষ্ট নৃত্য শিল্পী, তেজপুৰ বিশ্ববিদ্যালয়ৰ মূৰব্বী অধ্যাপিকা ড° মধুৰিমা গোস্বামীৰ সামগ্ৰীক পৰিকল্পনা, পৰিচালনা তথা ব্যৱস্থাপনাৰে 'স
স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ হোৱাৰ লগতে সত্ৰীয়া শৈলীত সৃষ্টিৰ মূলাধাৰ নাৰী শক্তিৰ আত্ম পৰিচয় সাব্যস্ত 'অৰ্দ্ধ আকাশ' শীৰ্ষক আলেক্ষ্যৰ সফল মঞ্চায়নে


স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ হোৱাৰ লগতে সত্ৰীয়া শৈলীত সৃষ্টিৰ মূলাধাৰ নাৰী শক্তিৰ আত্ম পৰিচয় সাব্যস্ত 'অৰ্দ্ধ আকাশ' শীৰ্ষক আলেক্ষ্যৰ সফল মঞ্চায়নে


স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ


স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ


স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ


স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ


স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ


স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ


স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ


স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ


-বিশিষ্ট অগ্ৰণী সমাজকৰ্মী প্ৰয়াত মীনা আগৰৱালাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি--সত্ৰীয়া শৈলীৰ নৃত্য-গীতৰ সমাহাৰ

-বিশিষ্ট নৃত্য শিল্পী, তেজপুৰ বিশ্ববিদ্যালয়ৰ মূৰব্বী অধ্যাপিকা ড° মধুৰিমা গোস্বামীৰ সামগ্ৰীক পৰিকল্পনা, পৰিচালনা তথা ব্যৱস্থাপনাৰে 'স্যামন্তক হৰণ' নাটখনি মঞ্চস্থ

-সত্ৰীয়া শৈলীত সৃষ্টিৰ মূলাধাৰ নাৰী শক্তিৰ আত্ম পৰিচয় সাব্যস্ত 'অৰ্দ্ধ আকাশ' শীৰ্ষক আলেক্ষ্যৰ সফল মঞ্চায়ন

শোণিতপুৰ, ০৬ জানুৱাৰী (হি স) । বিশিষ্ট অগ্ৰণী সমাজকৰ্মী প্ৰয়াত মীনা আগৰৱালাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি তেজপুৰৰ নেৰিৱালম প্ৰেক্ষাগৃহত সংস্কৃতিবান ৰাইজৰ উপস্থিতিত সন্ধ্যা ৬বজাত এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ আৰম্ভণিতেই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুতা জয়শ্ৰী চলিহা ডাঙৰীয়ানীৰ লগতে ১৯৭৫ চনতেই স্যামন্তক হৰণ নাটখনিত অভিনয় কৰা প্ৰবীণ অভিনেত্ৰী শ্ৰীযুতা নিজৰা ভূঞা তথা অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব শ্ৰীযুত স্বপ্ননীল বৰুৱাদেৱে। তাৰ পিছতেই নতুন কমলাবাৰী সত্ৰৰ পৰা আমন্ত্ৰিত বৈষ্ণৱ শিল্পীবৃন্দৰ দ্বাৰা প্ৰদৰ্শিত গায়ন-বায়নৰ যোৰা উপস্থাপনেৰে মঞ্চ মুকলি কৰা হয়।

সত্ৰ সংস্কৃতিৰ বিশুদ্ধ তাল-মানেৰে, সত্ৰীয়া শৈলীৰ নৃত্য-গীতৰ সমাহাৰেৰে বিশিষ্ট নৃত্যশিল্পী, তেজপুৰ বিশ্ববিদ্যালয়ৰ মূৰব্বী অধ্যাপিকা ড°মধুৰিমা গোস্বামীৰ সামগ্ৰীক পৰিকল্পনা, পৰিচালনা তথা ব্যৱস্থাপনাৰে, নতুন কমলাবাৰী সত্ৰৰ ৰঞ্জন বৰা বৰবায়নৰ গীত-নৃত্যৰ সুদক্ষ পৰিচালনাৰে ১৯৭৫ চনতেই প্ৰয়াত কমলা প্ৰসাদ আগৰৱালাদেৱৰ‌ দ্বাৰা প্ৰণীত 'স্যামন্তকহৰণ' নাটখনি মঞ্চস্থ হোৱাৰ লগতে সত্ৰীয়া শৈলীত সৃষ্টিৰ মূলাধাৰ নাৰীশক্তিৰ আত্মপৰিচয় সাব্যস্ত 'অৰ্দ্ধআকাশ' শীৰ্ষক আলেক্ষ্যৰ সফল মঞ্চায়নে অনুষ্ঠানটিত উপস্থিত বিদ্যত সমাজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

যশস্বী সমাজকৰ্মী প্ৰয়াত মীনা আগৰৱালাৰ জন্ম শতবাৰ্ষিকীৰ পবিত্ৰ স্মৃতিত আয়োজিত এই বিশেষ অনুষ্ঠানৰ 'স্যামন্তকহৰণ' নাটখনিত বিভিন্ন চৰিত্ৰত নৃত্যাভিনয় কৰা শিল্পীসকল আছিল - কেশৱ দাস, ছায়নী পাইৰা, প্ৰথমা ৰয়, বিশাল ডাউকা,প'লমী দেবৰয়,দেবাৰথী সাহা, জ্যোতিষ্মা পটঙ্গীয়া, তানিছা সাহা, অনুশ্ৰী আগৰৱালা, ৰুদ্ৰাক্ষী দাস, আখ্যা, গাৰ্গী, ঈশু, নব্যা, বাবলু, দিশা, আৰহানা ৰাগিনী আদিয়ে। এই অনুষ্ঠানৰ সংগীত শিল্পীসকল আছিল ক্ৰমে -নৃত্য পৰিচালক ৰঞ্জন বৰা বৰবায়ন (খোল), ড°শোণিত মহন্ত (ভায়োলিন), হিৰকজ্যোতি নাথ (বাঁহী), বিতোপন বৰা(তাল), গায়নত ক্ৰমে চন্দন প্ৰতীম বৰা আৰু আলিম্পন চৌধুৰী। এই অনুষ্ঠানৰ আলোক সজ্জা আছিল বিপুল নাথৰ আৰু সাজ-সজ্জা আছিল ইন্দ্ৰানী তামুলীৰ।

এই অনুষ্ঠানতেই উপস্থিত অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব, শ্ৰীযুত স্বপ্ননীল বৰুৱাদেৱেও অভিভূত হৈ উক্ত অনুষ্ঠান সন্দৰ্ভত তেওঁৰ বহুমূলীয়া মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, সত্ৰীয়া সংস্কৃতিৰ বিশুদ্ধ গায়ন-বায়ন তথা নৃত্যশৈলীৰ এনে কলাত্মক উপস্থাপন কেৱল তেজপুৰতেই নহয়,সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্নপ্ৰান্ততো প্ৰদৰ্শন কৰাটো অতি আৱশ্যক আৰু ইয়াৰ পৰাই গুৰু দুজনাৰ মহান সৃষ্টিৰাজিৰ অভূতপূৰ্ব গৌৰৱময় অৱদানসমূহে জগত সভাত বিশেষভাৱে সমাদৃত হ'ব।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande