Assam, 4 জানুৱাৰী (
তেজপুৰ, ৪ জানুৱাৰী (হি.স.)। বাটৰ নাটৰ জৰিয়তে দুৰ্যোগ প্ৰস্তুতিৰ সন্দৰ্ভত সজাগতা অভিযান “সুৰক্ষিত অসমৰ বাবে বাটৰ নাট”ৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান আজি শনিবাৰে তেজপুৰত অনুষ্ঠিত হয়। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্রাধিকৰণ (ডিডিএমএ), শোণিতপুৰৰ উদ্যোগত আৰু এডুপুৰ ছ’চাইটি, তেজপুৰৰ সহযোগত অনুষ্ঠিত হয়।
তেজপুৰ আদালত চাৰিআলিত অনুষ্ঠিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে তেজপুৰ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পৃথ্বীৰাজ ৰাভাই। এই অনুষ্ঠানত শোণিতপুৰৰ জিলা আয়ুক্ত ও ডিডিএমএ-শোণিতপুৰৰ অধ্যক্ষ শ্ৰী অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক শ্ৰী বৰুণ পুৰকায়স্থ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী কৰবী শইকীয়া কৰণ, শোণিতপুৰৰ অতিৰিক্ত জিলা আয়ুক্ত ও ডিডিএমএ-শোণিতপুৰৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গৰ্গ মোহন দাস, এএছডিএমএৰ ডিআৰআৰ পৰামৰ্শদাতা শ্ৰীযুত বিবেক মাহাতো, প্ৰখ্যাত অসমীয়া অভিনেতা শ্ৰীযুত অৰুণ নাথ, প্ৰখ্যাত অসমীয়া অভিনেত্ৰী তথা বিখ্যাত নৃত্যশিল্পী শ্ৰীমতী কৃষ্ণা দাস নাথ, বান থিয়েটাৰৰ সভাপতি শ্ৰীযুত বংকিম শৰ্মা, সমাজকৰ্মী আৰু শোণিতপুৰৰ প্ৰাক্তন বন্যপ্ৰাণী ৱাৰ্ডেন শ্ৰী সৌৰভ বৰকটকীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।
উদ্বোধনী অনুষ্ঠানত বাটৰ নাটৰ আনুষ্ঠানিক পৰিবেশন আৰু বাটৰ নাটৰ ভ্যানৰ ফ্লেগিং অফ কৰা হয়। এই ভ্যানখনে তেজপুৰ ৰাজহ চক্ৰৰ পৰা আৰম্ভ কৰি জিলাখনৰ পাঁচটা ৰাজহ চক্ৰ ভ্ৰমণ কৰিব। আদৰণি ভাষণত জিলা আয়ুক্ত শ্ৰী অংকুৰ ভৰালীয়ে দুৰ্যোগৰ প্ৰস্তুতি আৰু সঁহাৰি সম্পৰ্কে জনসচেতনতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
শ্ৰী পৃথ্বীৰাজ ৰাভাই উদ্বোধনী ভাষণত দুৰ্যোগৰ প্ৰস্তুতি আৰু সঁহাৰিৰ প্ৰচেষ্টাত যুৱক-যুৱতীসকলৰ উল্লেখযোগ্য ভূমিকা আৰু অৱদানৰ ওপৰত আলোকপাত কৰে। এই অভিযানৰ অংশ হিচাপে জিলাখনত বানপানী আৰু বজ্ৰপাতৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি কৰা হ'ব । তেজপুৰ, ঢেকিয়াজুলি, নদুৱাৰ, ঠেলামৰা, আৰু চাৰিদুৱাৰ এই পাঁচটা ৰাজহ চক্ৰৰ প্ৰতিটোতে ১০খনকৈ মুঠ ৫০খন বাটৰ নাট আজিৰ পৰা আৰম্ভ হৈ ২১ জানুৱাৰী ২০২৫লৈ নিদিষ্ট তাৰিখ অনুসৰি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ উপৰিও লাউডস্পীকাৰ আৰু প্ৰচাৰ পত্ৰিকা বিতৰণৰ জৰিয়তে সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।
আজিৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথি, জিলা প্ৰশাসন আৰু ডিডিএমএ-শোণিতপুৰৰ বিষয়া-কৰ্মচাৰী; তেজপুৰৰ এডুপুৰ ছ’চাইটিৰ সদস্য; স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ