গোলাঘাট, ০৪ জানুৱাৰী (হি.স.)। মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ দাবীত গোলাঘাট আয়ুক্ত কাৰ্যালয়ৰ সমীপত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ l
বি জে পি চৰকাৰক ভোট দিলে মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰা হব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজক কৰা প্ৰতিশ্ৰুতি ভুৱা আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ l মাত্ৰ ভোটৰ লালসাত ৰাইজক মিছা প্ৰতিশ্ৰুতি দিয়া এই চৰকাৰ গ বেক,মুখ্যমন্ত্ৰী হুচিয়াৰ আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তুলে প্ৰতিবাদ স্থলী। শীঘ্ৰে যদি চৰকাৰে মহিলা সকলৰ মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ নকৰে তেনেহলে আগন্তক নিৰ্বাচনত মহিলা সকলৰ ভোট বৰ্জনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ