–তেতেলিয়াত নিৰ্মিত উৰনীয়া সেতু ৰাষ্ট্ৰলৈ উচৰ্গা
গুৱাহাটী, ০২ জানুৱাৰী(হি.স.)। উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ৰে'ল সংযোগ আৰু অধিক বৃদ্ধিৰ বাবে, ০৩ জানুৱাৰী, শুক্ৰবাৰে গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা তিনিখন নতুন ৰে'ল সেৱাৰ আৰম্ভ কৰা হ'ব। লগতে, অন্যান্য বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে তেতেলিয়াত নিৰ্মিত উৰনীয়া সেতু ৰাষ্ট্ৰলৈ উচৰ্গা কৰা হ’ব।
ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰীঅশ্বিনী বৈষ্ণৱে গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। কাৰ্যসূচীত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে মুখ্য কাৰ্যালয় আৰু মণ্ডলসমূহৰ জ্যেষ্ঠ বিষয়া, স্থানীয় সাংসদ/বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকিব।
বিশেষ ৰে’ল নং ০২০৪৭ (গুৱাহাটী-নৰ্থ লখিমপুৰ), ৰে’ল নং ০৫৮১৭ (নিউ বঙাইগাঁও–গুৱাহাটী) আৰু ৰে’ল নং ০৫৯১১ (তিনিচুকীয়া-নাহৰলগুন) দিনৰ ১১:৫০ বজাত শুভাৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।
ৰে’ল নং. ৫৫৮১৮/৫৫৮১৭ (গুৱাহাটী– নিউ বঙাইগাঁও– গুৱাহাটী) দৈনিক যাত্ৰীবাহী নিয়মীয়া সেৱাই ০৪জানুৱাৰী ২০২৫ তাৰিখৰ পৰা ইয়াৰ যাত্ৰা আৰম্ভ কৰিব। ৰে’ল নং ৫৫৮১৮ (গুৱাহাটী – নিউ বঙাইগাঁও) যাত্ৰীবাহী গুৱাহাটীৰ পৰা ০৭:৫৫ বজাত প্ৰস্থান কৰি একেদিনাই ১২:১০ বজাত নিউ বঙাইগাঁৱত গৈ উপস্থিত হ’ব। ওভোতনি যাত্ৰাৰ দিশত, ৰে’ল নং ৫৫৮১৭ (নিউ বঙাইগাঁও– গুৱাহাটী) যাত্ৰীবাহী নিউ বঙাইগাঁৱৰ পৰা দিনৰ ২.৩০ বজাত প্ৰস্থান কৰি নিশা ৯ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।
একেদৰে, ৰে’ল নং ১৫৯১১/১৫৯১২ (তিনিচুকীয়া – নাহৰলগুন - তিনিচুকীয়া) ত্ৰি-সাপ্তাহিক এক্সপ্ৰেছ নিয়মীয়া যাত্ৰা ০৫জানুৱাৰী২০২৫ তাৰিখৰ পৰা আৰম্ভ হ’ব। ৰেল নং ১৫৯১২ (নাহৰলগুন - তিনিচুকীয়া) এক্সপ্ৰেছ নাহৰলগুনৰ পৰা প্ৰতি বুধবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰে পুৱা ০৭.৪৫ বজাত প্ৰস্থান কৰি একেদিনাই দিনৰ ২ বজাত তিনিচুকীয়াত গৈ উপস্থিত হ’ব। ওভোতনি যাত্ৰাৰ দিশত, ৰে’ল নং ১৫৯১১ (তিনিচুকীয়া – নাহৰলগুন) এক্সপ্ৰেছ তিনিচুকীয়াৰ পৰা প্ৰতি বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু সোমবাৰে দিনৰ ৩.৩৫ বজাত প্ৰস্থান কৰি একেদিনাই নিশা ৯.৪৫ বজাত নাহৰলগুনত গৈ উপস্থিত হ’ব।
আন এখন ৰে’ল নং ১২০৪৭ (গুৱাহাটী –উত্তৰ লখিমপুৰ-গুৱাহাটী) দ্বি-সাপ্তাহিক জন শতাব্দী এক্সপ্ৰেছ ৰে’ল খন প্ৰতি মঙলবাৰ আৰু বুধবাৰে ০৭জানুৱাৰী২০২৫ তাৰিখৰ পৰা ইয়াৰ নিয়মীয়া যাত্ৰা আৰম্ভ কৰিব। ৰে’ল নং ১২০৪৭ (গুৱাহাটী–উত্তৰ লখিমপুৰ) জন শতাব্দী এক্সপ্ৰেছ গুৱাহাটীৰ পৰা ৯.৫০ বজাত প্ৰস্থান কৰি একেদিনাই ৪.১৫ বজাত উত্তৰ লখিমপুৰত গৈ উপস্থিত হ'ব। ওভোতনি যাত্ৰাৰ দিশত, ৰে’ল নং ১২০৪৮ (উত্তৰ লখিমপুৰ-গুৱাহাটী) জন শতাব্দী এক্সপ্ৰেছ উত্তৰ লখিমপুৰৰ পৰা ৫.০০ বজাত প্ৰস্থান কৰি একেদিনাই নিশা ১১.২৫ বজাত গুৱাহাটী উপস্থিত হ’ব।
ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা নিৰ্মাণ কৰা তেতেলিয়া ষ্টেচন য়াৰ্ডত নতুন পথ উৰনীয়া সেতু সাধাৰণ জনসাধাৰণৰ ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰা হ'ব। উত্তৰ-পূব সীমান্ত ৰে'লৱেই তেতেলিয়া ষ্টেচন য়াৰ্ডত মুঠ ৭২ কোটি টকা ব্যয়েৰে লেভেল ক্ৰছিং গেট নং এছ টি-২২ ৰ প্ৰতিস্থাপনেৰে আৰওবি (নং ৫৯এ) নিৰ্মাণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ