- ভকতিৰ অমিয়া সুৰেৰে মায়াৱী হৈ পৰিছে শংকৰ-মাধৱ ক্ষেত্ৰ
গোলাঘাট, ০৫ জানুৱাৰী (হি.স.)। গোলাঘাটৰ চিনাতলীত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা উপলক্ষে অঞ্চলটোত আধ্যাত্মিক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। একপ্ৰকাৰ দ্বিতীয় বৈকুণ্ঠপৰীত পৰিণত হৈছে গোলাঘাটৰ খুমটাই চিনাতলী উচ্চতৰ মাধ্যমিক খেলপথাৰৰ শংকৰ-মাধৱ ক্ষেত্ৰৰ বাকৰি। অসংখ্য ভাওনাপ্ৰেমীৰ পদধূলিৰে ডবা, খোল-তাল, গীত-মাতৰ অমিয়া সুৰেৰে জীপাল আৰু উদুলি-মুদুলি হৈ পৰিছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা বাকৰি।
উল্লেখ্য যে ভাওনা সংস্কৃতিৰ শুদ্ধৰূপৰ প্ৰতি নৱপ্ৰজন্মৰ চেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যেৰে গোলাঘাটৰ অন্যতম এক সাংস্কৃতিক সামাজিক অনুষ্ঠান অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত চিনাতলীবাসীৰ লগতে গোলাঘাটবাসীৰ সহযোগত ২০ ডিচেম্বৰ, ২০২৪ৰ পৰা ৬ জানুৱাৰী, ২০২৫লৈকে গোলাঘাটৰ চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতি চাৰিবছৰৰ অন্তত অনুষ্ঠিত কৰি অহা হৈছে এই ভাওনা প্ৰতিযোগিতাখন। অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত চতুৰ্থসংখ্যক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অতি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।
ভাওনা প্ৰতিযোগিতা উপলক্ষে নিৰ্মাণ কৰা প্ৰয়াত জিতেন শইকীয়া সোঁৱৰণী মূল মণ্ডপ আৰু অস্থায়ী নামঘৰত অগণন ৰাইজ আৰু ভাৱৰীয়াৰ সমাৱেশ ঘটা পৰিলক্ষিত হৈছে। প্ৰতিদিনে ভাওনা প্ৰতিযোগিতাস্থলীত পাঁচ সহস্ৰাধিক লোকে আহি মহাপুৰুষীয়া ভাওনা উপভোগ কৰিছে। দৈনিক অনুষ্ঠিত হয় দুখনকৈ মহাপুৰুষীয়া ভাওনা নাট। অসমৰ অতি প্ৰথিতযশা বিচাৰকৰ তত্বাৱধানত হৈছে প্ৰতিযোগিতাৰ বাছনি প্ৰক্ৰিয়া। ইফালে প্ৰতিযোগিতাখনত মুখাশিল্পৰে আটকধুনীয়া কৰি তুলিছে মূল তোৰণখনৰ লগতে মণ্ডপ।
উল্লেখযোগ্য যে এই ভাওনা প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩৩টা দলে যোগদান কৰিছে আৰু এয়া ৰাজ্যৰ যিকোনো ভাওনা প্ৰতিযোগিতাতে বিৰল দৃশ্যৰূপে পৰিগণিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দল, কলা-কুশলীয়ে ভিৰ কৰিছে এই প্ৰতিযোগিতাস্থলী। এই প্ৰতিযোগিতাৰ পষেকটোত অসমীয়া সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা ভক্তিৰ গংগা গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ সৰ্বমুঠ ৩৩খন নাট মঞ্চস্থ কৰা হ’ব। যাৰ বাবে অতি উৎসাহিত অৰণ্যম ট্ৰাষ্টৰ সমূহ বিষয়ববীয়া। চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত আছে কেইবাটাও আকৰ্ষণীয় পুৰস্কাৰ। ভাওনা সংস্কৃতিক নৱপ্ৰজন্মৰ কাষলৈ লৈ যোৱাৰ মানসেৰে তথা সংস্কৃতি ৰক্ষাৰ এক প্ৰতীকি সংকেত বহন কৰিছে অৰণ্যম ট্ৰাষ্টৰ লগতে চিনাতলী ৰাইজ আৰু গোলাঘাটবাসীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া