কাঠমাণ্ডু, ০২ জানুৱাৰী (হি.স.)। নেপালৰ শক্তিৰ পৰিৱেশ ৰূপান্তৰিত কৰাৰ লগতে বিদ্যুৎ উৎপাদন ক্ষমতা ২৮,৫০০ মেগাৱাটলৈ বৃদ্ধিৰ বাবে ২০২৫ চনৰ পৰা ২০৩৫ চনলৈ ১০ বছৰীয়া নতুন শক্তি পৰিকল্পনাত অনুমোদন জনাইছে। বুধবাৰে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গৃহীত এই পৰিকল্পনাক ‘শক্তি উন্নয়ন ৰোডমেপ আৰু একচন প্লেন-২০২৫’ নামেৰে নামাকৰণ কৰা হৈছে।
শক্তি মন্ত্ৰী দীপক খড়কাই কয় যে এই আঁচনিৰ লক্ষ্য ২০৩৫ চনৰ ভিতৰত দেশত ২৮,৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা। বৰ্তমান নেপালত জলবিদ্যুতৰ পৰা ৩২০০ মেগাৱাট বিদ্যুৎ উৎপাদন হৈ আছে। যদিও গ্ৰীষ্মকালত ই নেপালৰ বাবে অধিক বিদ্যুৎ উৎপাদন কৰে, তথাপিও শীতকালত ভাৰতৰ পৰা প্ৰায় ৬৫০ মেগাৱাট বিদ্যুৎ আমদানি কৰিবলগীয়া হয়। নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ তথ্য অনুসৰি গ্ৰীষ্মকালত নেপালৰ পৰা ভাৰতলৈ ৯৫০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰা হৈছে।
কেৱল এয়াই নহয়, ২০২৪ চনৰ নৱেম্বৰ মাহত নেপালে ভাৰতৰ জৰিয়তে বাংলাদেশলৈও ৪০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰিছিল, যিটো চলিত বৰ্ষৰ ১৫ জুনৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব। শক্তি মন্ত্ৰী খড়কাই কয় যে ডিচেম্বৰৰ পৰা এপ্ৰিললৈকে নেপালত ৬৫০ মেগাৱাট বিদ্যুতৰ নাটনি হৈছে, যিটো ভাৰতৰ পৰা আমদানি কৰি পূৰণ কৰা হয়। তেওঁ কয় যে নতুন শক্তি নীতিৰ প্ৰথম লক্ষ্য হৈছে বিদ্যুৎ উৎপাদন বৃদ্ধি কৰি নেপালত ৬ মাহৰ বিদ্যুতৰ নাটনি দূৰ কৰা। ২০২৫ চনত ভাৰত চৰকাৰৰ তিনিটা জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত এই সমস্যা সমাধান কৰিব পৰা যাব বুলিও শক্তি মন্ত্ৰীগৰাকীয়ে কয়।
মন্ত্ৰী খড়কাই কয় যে জলবিদ্যুৎ প্ৰকল্প ক্ষিপ্ৰ কৰিবলৈ সকলো বিনিয়োগ পদ্ধতিৰ বিকল্প মুকলি কৰি ৰখা হৈছে। ২০৩৫ চনৰ ভিতৰত ২৮,৫০০ মেগাৱাট শক্তি উৎপাদন কৰিবলৈ নেপালত ৬২৩২ বিলিয়ন টকাৰ বিনিয়োগৰ প্ৰয়োজন। ব্যক্তিগত খণ্ড আৰু বিদেশী বিনিয়োগৰ নিয়ম সৰল কৰাৰ কামক চৰকাৰে অগ্ৰাধিকাৰ দিবলৈ ওলাইছে বুলিও তেওঁ কয়। এই লক্ষ্যত উপনীত হ’বলৈ শক্তি বিনিয়োগৰ সৈতে জড়িত বহু আইন সলনি কৰাৰ বাবে দ্ৰুত গতিত কাম চলি আছে বুলিও তেওঁ অৱগত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া