বাংলাদেশৰ তাফিৰুল কোৰাণ মেহফিলত লৰাঢপৰাত ৩০ জন আহত
ঢাকা, ০৪ জানুৱাৰী (হি.স.)। বাংলাদেশত তিনিদিনীয়া তফছিৰুল কোৰান সমাৱেশৰ অন্তিম দিন শুকুৰবাৰে নিশা সংঘটিত হোৱা থেলাহেঁচাৰ ঘটনাত কমেও ৩০ জন লোক আহত হয়। এজন ব্যক্তিৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। যশোৰ জিলাৰ শৰ্ষা উপাজিলাৰ পুলেৰহাটৰ আদ-দিন সকিনা চিকিৎসা
b47bc9c3971a24ddbbfd211d7b692227_399574661.jpg


ঢাকা, ০৪ জানুৱাৰী (হি.স.)। বাংলাদেশত তিনিদিনীয়া তফছিৰুল কোৰান সমাৱেশৰ অন্তিম দিন শুকুৰবাৰে নিশা সংঘটিত হোৱা থেলাহেঁচাৰ ঘটনাত কমেও ৩০ জন লোক আহত হয়। এজন ব্যক্তিৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। যশোৰ জিলাৰ শৰ্ষা উপাজিলাৰ পুলেৰহাটৰ আদ-দিন সকিনা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ লগতে ইয়াৰ আশে-পাশে সংঘটিত হয় এই ঘটনা।

দ্য ডেইলী ষ্টাৰৰ তথ্য অনুসৰি শুকুৰবাৰে নিশা প্ৰখ্যাত বক্তা মিজানুৰ ৰেহমান আজহাৰীয়ে সম্বোধন কৰাৰ কথা আছিল। অভাৱনীয়ভাৱে তেওঁৰ কথা শুনিবলৈ আহিছিল বৃহৎ সংখ্যক লোক। ইয়াৰ বাবেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আহতসকলৰ ভিতৰত ৯ জনক যশোৰ সাধাৰণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই লৰাঢপৰাৰ ঘটনাত আহত মাইনুল ইছলামে জানিবলৈ দিয়া মতে, নিশা প্ৰায় ৮ বজাত সভাস্থলীত উপস্থিত হয় যদিও মূল গেট বন্ধ হৈ থাকে। সভাস্থলীত প্ৰৱেশ কৰিবলৈ ৰৈ থাকোঁতে তেওঁক পিছফালৰ পৰা কোনোবাই ঠেলি দিলে। সি পৰি যোৱাৰ লগে লগে বিশৃংখলতা বিয়পি পৰিল। আগৰ সকলক গছকি মোহাৰি মানুহ আগবাঢ়িবলৈ ধৰিলে। যশোৰ জেনেৰেল হস্পিতাল ইমাৰ্জেন্সীৰ চিকিৎসক ডাঃ জুবাইদা ইছলামে আহতসকলৰ ভিতৰত থকা আফিফাৰ অৱস্থা আটাইতকৈ ভয়াৱহ বুলি জানিবলৈ দিয়ে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande