কাঠমাণ্ডু, ০৬ জানুৱাৰী (হি.স.)। ভাৰত চৰকাৰে বিশেষ ব্যৱস্থাৰ অধীনত বিগত দুবছৰৰ পৰা নেপাললৈ ঘেঁহু ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছে। ভাৰত চৰকাৰে ২ লাখ টন ঘেঁহু নেপাললৈ ৰপ্তানি কৰাৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে এতিয়া ভাৰতৰ পৰা নেপাললৈ ঘেঁহু যোগান ধৰা হ’ব। দুবছৰ পূৰ্বে মুদ্ৰাস্ফীতি আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ভাৰত চৰকাৰে ঘেঁহু ৰপ্তানি নিষিদ্ধ কৰিছিল।
নেপালত থকা ভাৰতৰ ৰাষ্ট্ৰদূত ডাঃ শংকৰ শৰ্মাই আজি দেওবাৰে ভাৰতীয় বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ বিষয়ে অৱগত কৰে। যোৱা দুবছৰ ধৰি ভাৰত চৰকাৰে আৰোপ কৰা বাধাৰ মাজতো নেপালৰ প্ৰয়োজনীয়তাক মনত ৰাখি এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাৰ বাবে নেপাল চৰকাৰে ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নেপাললৈ মাত্ৰ ২ লাখ টন ঘেঁহু ৰপ্তানিৰ অনুমতি দিয়া হৈছে।
দৰাচলতে ভাৰতে জাৰি কৰা নিষেধাজ্ঞাৰ বাবে নেপালৰ ঘেঁহুৰ মজুত প্ৰায় খালী হোৱাৰ উপক্ৰম হৈছিল। কেৱল এয়াই নহয়, বিভিন্ন ঘেঁহুৰ সামগ্ৰী প্ৰস্তুত কৰা কাৰখানাসমূহে সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছিল। যদিও নেপালত নিজেই প্ৰায় ২০ লাখ টন ঘেঁহু উৎপাদন হয়, তথাপিও আভ্যন্তৰীণ ঘৰুৱা ব্যৱহাৰৰ বাবেও ই অপৰ্যাপ্ত। সেয়েহে ঘৰুৱা ব্যৱহাৰ পূৰণৰ বাবে আৰু বাণিজ্যিক উদ্দেশ্যত ভাৰতৰ পৰা ঘেঁহু আমদানি কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া