নেপালৰ ভূমিকম্পৰ আপডেটঃ কাঠমাণ্ডুত অচেতন হৈ পৰিল বিদ্যালয়ত পঢ়ি থকা ১১ গৰাকী ছাত্ৰ-ছাত্ৰী, ছাদৰ পৰা জপিয়াই জপিয়াই পৰিল এজন ব্যক্তি
কাঠমাণ্ডু, ০৭ জানুৱাৰী (হি.স.)। নেপাল-চীন সীমান্তৰ সিপাৰে মঙলবাৰে অনুভূত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত কাঠমাণ্ডুত প্ৰাণ ৰক্ষাৰ বাবে ছাদৰ পৰা জপিয়াই জপিয়াই পৰে এজন লোক। ইয়াৰ বাহিৰেও এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত পঢ়ি থকা বহু ছাত্ৰ-ছাত্ৰী ভয়ত অজ্
भूकंप के कारण छात्रों में भगदड़


কাঠমাণ্ডু, ০৭ জানুৱাৰী (হি.স.)। নেপাল-চীন সীমান্তৰ সিপাৰে মঙলবাৰে অনুভূত হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত কাঠমাণ্ডুত প্ৰাণ ৰক্ষাৰ বাবে ছাদৰ পৰা জপিয়াই জপিয়াই পৰে এজন লোক। ইয়াৰ বাহিৰেও এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত পঢ়ি থকা বহু ছাত্ৰ-ছাত্ৰী ভয়ত অজ্ঞান হৈ পৰে। অৱশ্যে সকলোকে স্বাভাৱিক চিকিৎসাৰ অন্তত ঘৰলৈ পঠিয়াই দিয়া হয়।

ভূমিকম্প সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে দিয়া আপডেট অনুসৰি কাঠমাণ্ডুৰ সুচাটাৰ অঞ্চলত হোৱা ভূমিকম্পৰ পিছত সুচাটাৰৰ নিবাসী ২০ বছৰীয়া যুৱক হৃষিকেশ থাপাই নিজৰ ঘৰৰ চালৰ পৰা জপিয়াই নামি প্ৰাণ ৰক্ষা কৰে , যাৰ বাবে তেওঁ সামান্য আঘাতপ্ৰাপ্ত হয়। একেদৰে বৰা জিলাৰ কলাইয়াৰ ত্ৰিচন্দ্ৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভয়ত অজ্ঞান হৈ পৰে। অৱশ্যে সকলোকে স্বাভাৱিক চিকিৎসাৰ অন্তত ঘৰলৈ পঠিয়াই দিয়া হয়। এই বিদ্যালয়ৰ শিক্ষকে ক’লে যে ৰাতিপুৱা বিদ্যালয়ত পঢ়া-শুনা চলি আছিল, তেতিয়া হঠাতে সকলো হিংস্ৰভাৱে কঁপিবলৈ ধৰিলে। ছাত্ৰ-ছাত্ৰীৰ মাজত ভূমিকম্পৰ খবৰ বিয়পি পৰাৰ পিছতে শ্ৰেণীকোঠাৰ পৰা ওলাই আহিবলৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই সময়ছোৱাত একাংশ ছাত্ৰ-ছাত্ৰীৰ অজ্ঞান হোৱাৰ খবৰ পোৱা গৈছিল। শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে অজ্ঞান হোৱাসকলৰ অধিকাংশই ছোৱালী ছাত্ৰী, যিসকল ভয়ৰ বাবে অচেতন হৈ পৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande