কাঠমাণ্ডু, ০৭ জানুৱাৰী (হি.স.)। মঙলবাৰে পুৱা তিব্বতৰ শ্বিগাটছেত উদ্ভৱ হোৱা ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে ৯৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। এই পৰ্যন্ত উদ্ধাৰ অভিযানৰ সময়ত ধ্বংসাৱশেষৰ পৰা ১৩০ জন লোকক জীৱিত অৱস্থাত উলিয়াই অনা হৈছে।
চীনৰ চৰকাৰী টিভি চেনেল চিজিটিএনৰ তথ্য অনুসৰি দুপৰীয়া ২ বজাৰ ভিতৰত মৃত্যুৰ সংখ্যা ৯৫ লৈ বৃদ্ধি পাইছে। এই পৰ্যন্ত ১৩৫ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছে। মৃত্যুৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। টিভি চেনেলত দেখুওৱা ছবিৰ পৰা তিব্বতৰ শ্বিগাটছে অঞ্চলত বিপুল ক্ষতি হোৱাৰ অনুমান কৰা হৈছে। এই চেনেলটোৱে জনাইছে যে এতিয়ালৈকে ভূমিকম্পৰ ফলত ৫০০০ৰো অধিক ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া